নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ ডিচেম্বৰত শিথিল কৰা সান্ধ্য আইন মাঘৰ বিহুত কঠোৰ কিয়

ক’ভিডৰ এছ’পিক লৈ সৰৱ সাংসদ ভূঞা

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ ৰাজ্যত ক’ভিড সংক্রমণ বৃদ্ধিৰ পৰিপ্রেক্ষিতত জাৰি কৰা নতুন এছ অ’ পিক লৈ সোমবাৰে সৰৱ হৈ পৰিল ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই৷ সাংসদগৰাকীৰ মতে কেৱল মাঘৰ বিহুৰ সময়তহে এছ অ’ পি কিয়? ৩১ ডিচেম্বৰৰ নিশা কিয় নিষেধাজ্ঞা বলৱৎ কৰা নহ’ল? পহিলা জানুৱাৰীৰ দিনাৰ পৰাই ৰাজ্যত ক’ৰোনাৰ ঢ়ৌ আহিব বুলি চৰকাৰে গোপন খবৰ পাইছিল নেকি? দিছপুৰ প্রেছ ক্লাবত আজি এখন সংবাদ মেল সম্বোধন কৰি সাংসদগৰাকীয়ে এইদৰে সৰৱ হোৱাৰ লগতে অভিযোগ কৰি কয় যে এছ অ’ পিৰ নামত মাঘবিহুৰ পৰম্পৰা সম্পূর্ণৰূপে নস্যাৎ কৰিব বিচৰা হৈছে৷ দৰাচলতে যোৱা দীর্ঘদিনৰ পৰা অসমৰ পৰম্পৰা, ভাষা–সংস্কৃতি ধ্বংস কৰিব বিচাৰি আহিছে এটা বহিঃৰাজ্যৰ চক্রই৷ এই চক্রটোক এছ অ’ পিৰ জৰিয়তে চৰকাৰে উদগনি জনোৱাটোহে স্পষ্ট হৈছে৷ এছ অ’ পি জাৰি কৰাৰ আঁৰত যে অসমবিৰোধী চক্রৰ ষড়যন্ত্র আছে, সেয়াও স্পষ্ট হৈছে৷

ৰাজ্য চৰকাৰখনক সমালোচনা কৰি সোমবাৰে সাংসদগৰাকীয়ে কয়– বিজেপি নেতৃত্বাধীন নতুন চৰকাৰখনে ক্ষমতাত অহাৰ পৰাই এনে কিছু সিদ্ধান্ত লৈছে যে অসম তথা অসমীয়াৰ অস্তিত্বক সংকটলৈ ঠেলি দিছে৷ অসমীয়া জাতিৰ সংস্কৃতিক টানি–আঁজুৰি এক দুৰৱস্থালৈ ঠেলি দিয়াৰ চেষ্টা চলিছে৷ শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক উঠাই দিয়াটোৱে এইধৰণৰ কার্য যে আৰম্ভ হৈছে, সেয়াও প্রমাণিত হৈছে৷ অসমত হিন্দী, বাংলা ভাষা জাপি দিবলৈ চেষ্টা কৰি থকা অসমবিৰোধী চক্রটোক সন্তুষ্ট কৰাৰ বাবেই যেন অবিৰত চেষ্টা চলাইছে এই চৰকাৰখনে৷ আমাৰ ভাষাৰ ওপৰত আক্রমণ হৈছে ‘কা’ আইনৰ জৰিয়তে৷ ৰাজ্যৰ হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় যন্ত্রণাত ককবকাই থকাৰ পাছতো এই চৰকাৰখনে ১২৬খন ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ যো–জা আৰম্ভ কৰিছে৷ কার্যতঃ ইয়াৰ জৰিয়তে অসমীয়া মাধ্যমৰ বিদ্যালয়ক টেঁটু চেপি হত্যা কৰিব বিচৰা হৈছে৷ এফালে, ৬নং দফাৰ বিশেষ সমিতিৰ প্রতিবেদন কার্যকৰী নহয় বুলি স্পষ্ট কৰিছে, তাৰ বিপৰীতে কিন্তু এই চৰকাৰ তথা বিজেপিয়ে অসমীয়াৰ অস্তিত্ব সুৰক্ষা কৰিব বুলি নিতৌ ভাষণ দি ফুৰিছে৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রতো এই চৰকাৰখনে বিষয়টোৰ পৰা ফালৰি কাটি ৰাজ্যৰ জনজাতিসকলৰ মাজত বৈষম্য অনাৰ চেষ্টা চলাইছে৷

You might also like