নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতৰ দুর্গম গাঁৱৰ পৰা জাতীয় দলৰ ড্রেছিংৰূমলৈ

🔴 অপৰিসীম পৰিশ্রমেৰে দৰিদ্রতাক নেওচি উজলি উঠা ছোৱালীজনী

🔹কুমুদ তালুকদাৰ

শৈশৱৰ পৰা ছোৱালীজনীৰ ক্রিকেটৰ প্রতি আছিল এক বিশেষ অনুৰাগ৷ ককায়েকহঁতৰ লগত ঘৰৰ চোতালতে ক্রিকেট খেলি আনন্দত আত্মহাৰা হৈ পৰা ছোৱালীজনীয়ে লগৰবোৰে অন্য খেল–ধেমালি অথবা নাচ–গানত ব্যস্ত হৈ থকাৰ বিপৰীতে তেওঁ হাতত তুলি লৈছিল ক্রিকেট বেট৷ অথচ তেওঁৰ প্রিয় ক্রিকেটাৰ মহেন্দ্র সিং ধোনী অথবা শচীন তেণ্ডুলকাৰৰ খেল চাবলৈ ঘৰত এটা টিভিও নাছিল৷ ৪জন ককায়েক আৰু মাতৃৰ সৈতে ৭–৮জনীয়া পৰিয়ালটোক কোনোমতে ভৰণ–পোষণ দিয়া কৃষক পিতৃ লোকবাহাদুৰ চেত্রীৰ বাবে টিভি এটা ক্রয় কৰাটো সাধ্যৰ বাহিৰত আছিল৷ এনে এটা দৰিদ্র পৰিয়ালৰ পৰা আৰু বোকাখাতৰ এখন দুর্গম গাঁৱৰ পৰা ওলাই আহি ভাৰতীয় ক্রিকেট দলৰ ড্রেছিংৰূমলৈ অগ্রসৰ হোৱা উমা চেত্রী নামৰ এইগৰাকী প্রতিভাৱান ক্রিকেটাৰ এতিয়া অসম তথা দেশৰ ক্রিকেট জগতত নতুন নক্ষত্র ৰূপে উজলি উঠিছে৷ শৈশৱৰ পৰা দৰিদ্রতাৰে সহাৱস্থান কৰা উমাই ক্রিকেটাৰ ৰূপে নিজকে প্রতিষ্ঠা কৰাৰ বাবে মনত এক দৃঢ়তাৰ জন্ম দিছিল৷ এই দৃঢ়তা আৰু কঠোৰ পৰিশ্রমৰ বাবে আজি তেওঁ উত্তৰ–পূর্বাঞ্চলৰ প্রথমগৰাকী ক্রিকেটাৰ ৰূপে ৰাষ্ট্রীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে কেইবাগৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে ভাৰত ‘এ’ দলত আৰু জুনিয়ৰ দলত দেশক প্রতিনিধিত্ব কৰিলেও অসমৰ ক্রিকেটাৰৰ বাবে ভাৰতীয় দলত স্থান লাভৰ সপোন ইমানদিনে অপূর্ণ হৈ আছিল৷ উমা চেত্রীয়ে ভাৰতীয় মহিলা দলত স্থান অর্জন কৰি এই আধৰুৱা সপোন পূর্ণ কৰিলে৷ কিছুদিন পূর্বে হংকঙত অনুষ্ঠিত মহিলা এমাৰজিং এছিয়া কাপত ভাৰত ‘এ’ দলক প্রতিনিধিত্ব কৰি সুদক্ষ উইকেটকীপাৰ বেটাৰগৰাকীয়ে দর্শনীয় প্রদর্শন দাঙি ধৰিছিল৷ ইয়াৰ পাছতে ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ মহিলা দলৰ নির্বাচকসকলে ঘোষণা কৰা ভাৰতীয় টি–২০ আৰু এদিনীয়া দলত স্থান লাভ কৰে বোকাখাতৰ ভিতৰুৱা গাঁও কান্ধুলিমাৰীৰ এইগৰাকী সুদক্ষ ক্রিকেটাৰে৷ তেওঁৰ সুদক্ষ উইকেটকীপিং আৰু বেটিংশৈলীৰ বাবে মহিলাৰ প্রিমিয়াৰ লীগৰ নিলামতো স্থান লাভ কৰিছিল উমাই৷ বাংলাদেশৰ বিপক্ষে খেলিব লগা তিনিখনীয়া টি–২০ আৰু এদিনীয়া শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰিলেও এই সাফল্যৰ পথ উমাৰ বাবে একেবাৰে মসৃণ নাছিল৷ আর্থিক দীনতাৰ বাবে তেওঁ বাৰে বাৰে থমকি ৰ’বলগীয়া হৈছিল৷ কিন্তু তৎসত্ত্বেও ১৩ বছৰ বয়সতে তেওঁ ঘৰৰ পৰা ৫–৬ কিলোমিটাৰ দূৰলৈ প্রতিদিনে খোজকাঢ়ি গৈ বোকাখাত খেলপথাৰত প্রশিক্ষণ গ্রহণ কৰিছিল৷ ২০১০ চনৰ শেষৰফালে বোকাখাতত আৰম্ভ হৈছিল মহিলা ক্রিকেটৰ প্রশিক্ষণ৷ কিন্তু উমাৰ লগত দুই–এগৰাকী ছোৱালীয়েহে ক্রিকেটৰ প্রশিক্ষণ গ্রহণ কৰিছিল৷ প্রশিক্ষক ৰাজা ৰহমান আৰু মেহবুব আলমৰ অধীনত ক্রিকেটৰ আদিপাঠ গ্রহণ কৰা উমাই অতি কম সময়ৰ ভিতৰতে ল’ৰাৰ সৈতে সমান যুঁজ দিবলৈ সক্ষম হৈছিল৷ আনুষ্ঠানিক প্রশিক্ষণ গ্রহণৰ কেইমাহমান পাছতে ২০১১ চনত ৰাজ্যিক ক্রিকেটত তেওঁ বোকাখাত জিলা দলক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা উমাই ২০১৫ চনত প্রথমবাৰৰ বাবে ১৯ বছৰ অনূর্ধ্ব অসম দলত স্থান লাভ কৰি ৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰে৷ সেই সময়ৰ পৰা ক্রমাগতভাৱে প্রদর্শনত উন্নতি ঘটোৱা ক্রিকেটাৰগৰাকীয়ে দৰিদ্রতাকো নেওচি আগবাঢ়ি গৈছে৷ ইতিমধ্যে তেওঁৰ প্রশিক্ষণৰ বাবে আগুৱাই আহিছে বোকাখাতৰ কেইবাগৰাকী ক্রিকেটাৰ আৰু প্রশিক্ষক৷ তদুপৰি কৃষক পিতৃ আৰু ককায়েকহঁতেও উমাক যথাসম্ভৱ সহায় আগবঢ়াই গৈছে৷ অসম মহিলা ক্রিকেট দলৰ উইকেটকীপাৰ বেটাৰ ৰূপে নিয়মীয়াভাৱে খেলি থকা উমাই ৰাষ্ট্রীয় ক্রিকেটত দর্শনীয় প্রদর্শনেৰে নির্বাচকৰ দৃষ্টি আকর্ষণ কৰি আহিছে ৷ ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰ আৰু প্রাক্তন অধিনায়ক বিৰাট কোহলিক আদর্শ ক্রিকেটাৰ ৰূপে গ্রহণ কৰা উমাই বাংলাদেশৰ বিপক্ষে খেলিবলগীয়া আগন্তুক শৃংখলাত অধিনায়ক হৰমনপ্রীতৰ নেতৃত্বত খেলাৰ সুযোগ পোৱাটো অতিশয় আনন্দজনক বুলি তেওঁ অনুভৱ কৰিছে৷ উল্লেখ্য যে হৰমনপ্রীতৰ নেতৃত্বত ভাৰতীয় দলটোৱে অহা ৯ জুলাইত প্রথমখন টি–২০ মেচত অংশগ্রহণ কৰিব৷ পৰৱর্তী টি–২০ মেচ দুখন ১১ আৰু ১৩ জুলাইত অনুষ্ঠিত হ’ব৷ আনহাতে, এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব ১৬ জুলাইত৷ পৰৱর্তী মেচ দুখন খেলোৱা হ’ব ১৯ আৰু ২২ জুলাইত৷ ভাৰতীয় দলটোত আছে হৰমনপ্রীত, স্মৃতি মান্ধানা, দীপ্তি শর্মা, শেফালী বার্মা, জেমিমা ৰড্রিগেজ আদিৰ নিচিনা তাৰকা ক্রিকেটাৰ৷ এইসকল ক্রিকেটাৰৰ সৈতে একেলগে খেলি যথেষ্ট অভিজ্ঞতা আহৰণ কৰিব পাৰিব বুলি আশা প্রকাশ কৰিছে উমাই৷

You might also like