নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ কৰিমগঞ্জত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কার্যনির্বাহক সভাৰ জৰিয়তে বিধানসভা নির্বাচনৰ ৰণশিঙা বজাবলৈ সাজু হৈছে বিজেপি৷ বৰাক উপত্যকাৰ পৰাই নির্বাচনৰ অভিযান আৰম্ভ কৰিব খোজা বিজেপিয়ে এই বৈঠকতে প্রস্তুত কৰিব ১০০ প্লাছ আসন দখলৰ ৰূপৰেখা৷ এই উদ্দেশ্যে কৰিমগঞ্জত ইতিমধ্যে বাহৰ পাতিছে ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে প্রায় সকলো দলীয় নেতা–কর্মীয়ে৷ ২৩–২৪ ডিচেম্বৰৰ দুদিনীয়া কার্যনির্বাহক সভাৰ বাবে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ হৈছে৷ মঙলবাৰে সন্ধিয়া কৰিমগঞ্জত উপস্থিত হৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে কেইবাজনো শীর্ষ পর্যায়ৰ নেতা৷ আনহাতে কাইলৈ কার্যনির্বাহক সভাত মুখ্য অতিথি ৰূপে যোগদান কৰিব দলৰ নৱনিযুক্ত প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই৷ উল্লেখ্য যে বিজেপিৰ খোপনি অধিক দৃঢ় কৰাৰ উদ্দেশ্যে প্রায় এক সপ্তাহ পূর্বৰে পৰাই বাহৰ পাতিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ বৰাক উপত্যকাত ১৫টা সমষ্টিত দলীয় সভা অনুষ্ঠিত কৰি নেতা–কর্মীসকলক উদ্বুদ্ধ কৰা ৰঞ্জিত দাসে এইবাৰ বৰাকৰ ১২টা সমষ্টি বিজেপিয়ে দখল কৰিব বুলি ইতিমধ্যে হুংকাৰ দিছে৷
ইফালে, দলীয় সূত্রই প্রকাশ কৰা অনুসৰি দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া কার্যনির্বাহক বৈঠকতে বিধানসভা নির্বাচনৰ বাবে প্রস্তুত কৰা হ’ব দলীয় নীতি তথা ৰণকৌশল৷ বিশেষকৈ বিজেপিয়ে আগন্তুক নির্বাচনত কোনবোৰ বিষয়ক ইছ্যু হিচাপে গ্রহণ কৰিব, সেই সম্পর্কে সিদ্ধান্ত গ্রহণ কৰাৰ লগতে দলীয় বিভিন্ন কার্যসূচী সম্পর্কেও এলানি সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ ৰাজ্যিক বিজেপিৰ সূত্রই প্রকাশ কৰা অনুসৰি কৰিমগঞ্জৰ কার্যনির্বাহকৰ পিছতে বিধানসভা নির্বাচনৰ বাবে দলীয় প্রার্থিত্বৰ বাবে আবেদন গ্রহণ কৰিব দলে৷ মুখ্যতঃ এই পদক্ষেপৰ বাবে আগতীয়াকৈ কার্যনির্বাহক বৈঠকত গ্রহণ কৰা হ’ব এলানি বিশেষ সিদ্ধান্ত৷ উল্লেখ্য যে কার্যনির্বাহক সভা উপলক্ষে কৰিমগঞ্জ জিলা ক্রীড়া সন্থাৰ খেলপথাৰত এক বিশাল মণ্ডপ সাজু কৰি তোলা হৈছে৷ ইতিমধ্যে সমগ্র কৰিমগঞ্জ গেৰুৱা হৈ পৰিছে৷ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্রত ভট্টাচার্যই জানিবলৈ দিয়া মতে, কার্যনির্বাহক সভাত দলৰ সকলো সাংসদ, বিধায়ক, দলীয় বিষয়ববীয়া, জিলা সভাপতি, সম্পাদকসকলৰ লগতে কার্যনির্বাহক সমিতিৰ সদস্যসকল উপস্থিত থাকিব৷ প্রায় ৬০০ লোক উপস্থিত থাকিব লগা এই কার্যনির্বাহক সভাৰ বাবে কৰিমগঞ্জত সাজু কৰি তোলা হৈছে সকলো ধৰণৰ থকা–খোৱাৰ সুবিধা৷ কাইলৈ পুৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দলীয় পতাকা উত্তোলন কৰি সভাৰ কার্যসূচীৰ শুভাৰম্ভ কৰিব৷ কার্যনির্বাহক সভাৰ পূর্বে সভাপতি ৰঞ্জিত দাসৰ ঘোষণা– এইবাৰ বিজেপিয়ে ৰাজ্যৰ ১০৪টা বিধানসভা সমষ্টি দখল কৰাটো নিশ্চিত৷ আনহাতে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা হ’লেও দুয়োটা দলে মিলি ২০–২২খন আসনহে দখল কৰিব৷ নতুন ৰাজনৈতিক দলৰ সন্দর্ভত সভাপতিগৰাকীৰ মন্তব্য– নতুন ৰাজনৈতিক দলে এইবাৰৰ নির্বাচনত এখনো আসন লাভ নকৰে৷ অজন্তা নেওগৰ বিজেপি আগমনৰ সন্দর্ভতো ৰঞ্জিত দাসে কয় যে গোলাঘাট সমষ্টিৰ বিধায়িকা তথা প্রাক্তন মন্ত্রী অজন্তা নেওগ আৰু লক্ষীপুৰ সমষ্টিৰ কংগ্রেছী বিধায়ক ৰাজদীপ গোৱালাই বিজেপিত যোগদানৰ বাবে এতিয়ালৈ কোনো আবেদন জনোৱা নাই৷ গতিকে তেওঁলোকৰ যোগদানৰ সম্ভাৱনা পৰৱর্তী সময়তহে স্পষ্ট হ’ব৷
ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক সভা স্থলৰ দ্বাৰ উন্মোচন
ৰাজ্যিক বিজেপিৰ কার্যনির্বাহ সভাৰ সভাস্থলৰ দ্বাৰ উন্মোচনৰ মাধ্যমেৰে আৰম্ভ হ’ল দুদিনীয়া কার্যসূচীৰ৷ সন্ধিয়া সাত বজাত বৰাক বিজেপিৰ পিতামহস্বৰূপ প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থই মুখ্যদ্বাৰ উদ্ঘাটন কৰি কয়– ১৯৮০ চনৰ ৬ এপ্রিলত বিজেপিৰ জন্ম হয় আৰু সেই জন্মলগ্ণৰ পৰা তেওঁ বিজেপিত আছে৷ উত্তৰ–পূর্বাঞ্চলৰ প্রথমখন সভা তেওঁ শিলচৰত অনুষ্ঠিত কৰিছিল আৰু সেই সময়তে বিজেপিৰ অৱস্থা অতি শোচনীয় আছিল৷ কিন্তু আজি আমাৰ ভাল দিন আহিছে৷ বহু ঘাত–প্রতিঘাতৰ মাজেৰে বিজেপিয়ে সফলতা লাভ কৰিছে৷দ্বাৰ উন্মোচনী সভাত উপস্থিত থাকি প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহঁাইৰ লগতে বিধায়ক প্রশান্ত ফুকন, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ, নৱনীতা সন্দিকৈকে ধৰি বিষয়ববীয়াসকল উপস্থিত আছিল৷