নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা দৈনন্দিন কার্যসূচীত বাধা নাই ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ কিডনী ষ্ট’নত আক্রান্ত হৈ দেওবাৰৰ পৰা চিকিৎসা গ্রহণ কৰি বিশ্রামত থকা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ক্রমাৎ সুস্থ হৈ উঠিছে৷ সোমবাৰে দিনটো বিশ্রামত থকাৰ পিছত আজিৰে পৰা তেওঁ পুনৰ স্বাভাৱিকভাৱে চলা–ফুৰা কৰিব পৰাৰ আশা কৰা হৈছে৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি, মন্ত্রী ড০ শর্মা বর্তমান ক্রমাৎ সুস্থ হৈ উঠিছে৷ সোমবাৰৰ দিনটো তেওঁ সম্পূর্ণ বিশ্রামত থাকিব লাগিব৷ আজি তেওঁক দুটা চেলাইন দিয়া হ’ব৷ শৰীৰত এতিয়া তেওঁৰ কোনো বিষ নাই৷ চিকিৎসকৰ দলে নিয়মিত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি আছে আৰু প্রয়োজনীয় দৰব দিছে৷ তেওঁৰ কোনো অপাৰেচনৰ প্রয়োজন নাই বুলি উল্লেখ কৰি ডাঃ শর্মাই কয় যে কিডনীত জমা হোৱা পাথৰ উলিয়াবৰ বাবে দৰব দিয়া হৈছে৷ সোমবাৰৰ পৰা তেওঁ পূর্বৰ দৰেই চলা–ফুৰা কৰিব পাৰিব বুলি প্রকাশ কৰে৷ অৱশ্যে চিকিৎসকে তেওঁ আৰু দুই–তিনি দিন বিশ্রামত থকাটো বিচাৰে৷

You might also like