সামৰিক মৰ্যাদাৰে বিদায় দিলে শ্বহীদ বাবলু ৰাভাক, শোকাকুল দুধনৈ
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ছত্তিশগড়ৰ বিজাপুৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ জোৱান বাবলু ৰাভাৰ নশ্বৰদেহ বিলীন হ’ল পঞ্চভূতত। সামৰিক মৰ্যাদাৰে অসংখ্য লোকৰ উপস্থিতিত ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় তেওঁৰ নিজ গাঁও দামৰাত। যোৱা শনিবাৰে মাওবাদীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা ২২ জোৱানৰ মাজৰ এগৰাকী আছিল বাবলু ৰাভা।
যোৱা নৱেম্বৰত শেষবাৰৰ বাবে ঘৰলৈ আহিছিল তেওঁ। বিহুত পুনৰ ঘৰলৈ অহাৰ কথা আছিল যদিও সেই আশা যেন আশা হৈ ৰৈ গ’ল বাবলু ৰাভাৰ।
দুধনৈৰ দামৰাৰ বাবলু ৰাভাই মৃত্যুৰ সময়ত এৰি থৈ যায় তেওঁ ৭ বছৰীয়া কন্যা আৰু পত্নীৰ লগতে আত্মীয়-স্বজনক। বাবলু ৰাভা চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নৰ জোৱান আছিল।