নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ সেউজী সেউজী বাকৰিত ‘গদাধৰ’ সোঁ‌ৱৰণী গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : নলবাৰী জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা অসম আন্দোলনৰ নেতা, নলবাৰীৰ সমাজ জীৱনৰ এক চিনাকি সত্তা প্ৰয়াত গদাধৰ বৰ্মনৰ সোঁৱৰণী গ্ৰন্থ “গদাধৰ” উন্মোচন কৰা হয়। নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যোৱা পথ সংযোগী “সেউজী সেউজী কমপ্লেক্স”ৰ বাকৰিত তথা প্ৰয়াত গদাধৰ বৰ্মনৰ বাসভৱনত নলবাৰী সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা এসময়ৰ অসম আন্দোলনৰ নেতা প্ৰয়াত গদাধৰ বৰ্মনৰ সোঁৱৰণী গ্ৰন্থ “গদাধৰ” আজি উন্মোচন কৰা হয়। ড° মঞ্জু দেৱী পেগু আৰু পুলক বৰ্মনে গ্ৰন্থখন সম্পাদনা কৰে । গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে সমাজকৰ্মী জয়প্ৰকাশ মেধিয়ে। উক্ত সভাত গ্ৰন্থখন উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ড° লীনা ডেকাই। সভাত উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মা, দূৰদৰ্শনৰ প্ৰাক্তন কৰ্মী বিভু দত্ত, শিক্ষাবিদ-কবি ড° মঞ্জু দেৱী পেগু, বিশিষ্ট ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে প্ৰয়াত গদাধৰ বৰ্মনৰ জীৱন আৰু কৃতি ৰোমন্থন কৰে । সভাৰ আৰম্ভণি এটা ভক্তিঘোষাৰে কৰা হয়। গীত পৰিৱেশন কৰে কুঁৱলী চৌধুৰীয়ে। ইয়াৰ পিছত সভাৰ সভাপতিৰ আহ্বান মৰ্মে প্ৰয়াত গদাধৰ বৰ্মনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বীণাপাণি মেধি বৰ্মনে। ইয়াৰ পিছত প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পৰিয়ালৰ সদস্যৰ লগতে গুণমুগ্ধই। পিছত সভাৰ অন্যতম মুখ্য কাৰ্যসূচী “গদাধৰ”ৰ উন্মোচক ড° লীনা ডেকাই প্ৰয়াত গদাধৰ বৰ্মনৰ জীৱন প্ৰণালীৰ বিষয়ে ব্যক্ত কৰাৰ লগতে “গদাধৰ” শীৰ্ষক গ্ৰন্থৰ বিষয়ে অৱগত কৰায়। ড° ডেকাই কয় যে গদাধৰ অকল প্ৰয়াত গদাধৰ বৰ্মনৰ সোঁৱৰণী গ্ৰন্থই নহয়, এইখন গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাললৈ বিশেষ বৰঙণি যোগাব। নতুন প্ৰজন্মই উক্ত গ্ৰন্থখনৰ পৰা প্ৰেৰণা তথা সাহস পাব । সভাত ভাষণৰ মাজে মাজে প্ৰয়াত বৰ্মনৰ পৰিয়ালৰ সদস্যই গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত বহু গুণমুগ্ধ উপস্থিত থাকে ।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like