🔹 ভূমিলোলুপৰ আগ্রাসনৰ বিষম পৰিণতি
বসন্ত বৰা, ২৬ মে’ : বিশ্বনাথত সন্ধানহীন হৈছে এখন নদী৷ নিম্নগতি, বক্রগতি–মধ্যগতিৰে মোহনা অভিমুখী যাত্রাকালতে নিৰুদ্দেশ নদীখন৷ কোনো ভূগোলৰ মেপত জিলিকি থকা ক্ষীণ আঁচডালৰ নদীখনৰ বিজ্ঞাপন দিলেও সম্ভৱতঃ কোনেও ইয়াৰ সন্ধান দিব নোৱাৰে৷ এনে আশংকাৰ মাজতো এটা কথা নিশ্চিত যে এই নদী ব্রাত্য নহয়৷ সংস্কাৰহীনো নহয়৷ পূতিগন্ধ সামৰি একপ্রকাৰ বুকু পাতি ল’ব পৰাকৈ যৌৱনদীপ্ত আছিল এই সর্পিল নদীখন৷ কাৰ উপনৈ, কাৰ এৰাসুঁতি– এনেবোৰ প্রশ্ণৰ উত্তৰ দিবলৈ আহৰি নোহোৱা নদীখন এতিয়া অন্তর্ধান৷ সভ্যতাৰ চৰম উত্তৰণৰ দোহাহ দি আগ্রাসন কৰাৰ ফলতে পৰিচয় থাকিও অপৰিচিত এই নদী নামৰ সুঁতিটো৷
সিন্বুূৰ উপকূলব্যাপী গঢ়ি উঠা মহেঞ্জোদাৰো, হৰপ্পাৰ দৰে বিশাল সভ্যতাৰে তুলনা নহয় এই নদীৰ ক্ষুদ্র সভ্যতাটো৷ সম্ভৱতঃ ইয়াৰ পাৰতেই গঢ়ি উঠিছিল শস্য–মৎস্যৰ বিপুল সম্ভাৰৰ এটা অতি ক্ষুদ্র নদীকেন্দ্রিক সভ্যতা৷ কোনো গ্রামাঞ্চলৰ গৰখীয়াৰ বালসখ্যও আছিল এই অধুনালুপ্ত নিৰৱধি, এই গণ্ডকী৷ নহ’ব পাৰে এই নদী– স্রোতস্বিনী গংগা, গোদাবৰী, কাবেৰী কিম্বা মন্দাকিনী৷ তথাপি স্বকীয়তাৰে ই গলিয়া–গণ্ডকী৷ ইয়াৰ পাৰতেই এটা সময়ত উঠিছিল হৰিনামৰ ৰোল, কীর্তনৰ নাম–পদে বোৱাইছিল নৱবৈষৱ ধর্মৰ ভক্তিৰ নিজৰা৷ ইয়াৰ পাৰতেইতো বসতি চাৰিকৃষ্ণৰ৷ কেৱল সেয়াই নহয়, ইয়াৰ পাৰতেই দিহিং সত্র, গলিয়া গোসাঁইৰ বহা৷
তদুপৰি গুপ্তকাশী বিশ্বনাথ বাবাৰ অনুগ্রহ প্রার্থীৰ ভূমিও এই উর্বৰা, শস্য–সলিলা গণ্ডকীৰ তীৰ৷ এই গণ্ডকীৰ তটতেই আছিল বিশ্বনাথ মন্দিৰৰ ‘নট’ৰ বাবে উৎসর্গিত ‘নটৰ টিকা’ শীর্ষক ভূমি ভিঠা৷ কেতিয়াবা ধল আহিলে ওফন্দি উঠে গণ্ডকী– গলিয়া৷ ওফন্দি উঠিলেও দুকোলটকা পানী বোৱাই নিব পৰাকৈ উদাৰ বক্ষ এই ক্ষুদ্র নদীখনৰ৷ ক্ষুদ্র সত্তাৰে পৰিচিত গলিয়া কিম্বা গণ্ডকী বহুতৰ বাবে জনা–অজানাৰ অপসৃয়মান হৈ থাকিলেও আদিতেই বিখ্যাত আছিল এই নদী৷ ব্রিটিছ অহাৰ পৰত উজনি–নামনিৰ দুই ৰাজ্যৰ সীমাৰেখাডালো অংকন কৰিছিল এই ক্ষুদ্রকায় অস্পষ্ট গলিয়া বা ইংৰাজৰ ভাষাত Galloway৷ ব্রিটিছ মেডিকেল বিষয়া John M’Coshৰ ‘টপ’গ্রাফী অৱ আছাম’ শীর্ষক গ্রন্থৰ পৃষ্ঠা নং ৯৫ত ন–দুৱাৰ তথা বিশ্বনাথ বুলি সবাতোকৈ ক্ষুদ্রকায় জিলাখনৰ উত্তৰ সীমা বুৰুলী অর্থাৎ ভৰলীৰ পৰা গলিয়া নদী বুলি চিহ্ণিত কৰিছে৷ স্বাভাৱিকতে ১৮৩৭ চনৰ এই তথ্যসমৃদ্ধ সমলৰ পিছতো গলিয়াৰ অৱস্থিতি নিশ্চিহ্ণ হোৱাৰ উপক্রম হোৱাটো সাধাৰণ কথা নহয়৷ এয়া সাধাৰণ ভূমি বুভুক্ষুৰ অভীপ্সা লাভৰ ঘটনা নহয়, এয়া নিঃসন্দেহে ক্ষুদ্র নদী সভ্যতা এটা ইতিহাসৰ পৰা মচি পেলোৱাৰ চক্রান্ত বুলি অভিহিত কৰিব পাৰি৷ কোনোবাৰ বাবে হয়তো গলিয়া অস্পৃশ্য হ’ব পাৰে, কিন্তু গলিয়া নামৰ এই নদীখনৰ চৰিত্র আৰু ইয়াৰ নিশ্চিহ্ণতাৰ ইতিহাস মৰাভৰলীৰ মৰাসুঁতিৰ দৰেই হ’ব পাৰে৷ কিন্তু বিশ্বনাথক পূতিগন্ধময় পৰিৱেশমুক্ত কৰি ৰাখিব পৰা সমল–শক্তিসমৃদ্ধ গলিয়া–গণ্ডকীৰ ভূমিকা বুজিবলৈ আৰু হয়তো বেছিপৰ নালাগিব৷ তেতিয়া হয়তো গলিয়া পুনৰুদ্ধাৰৰ অভিযানেও কাম নিদিব৷ ৰজাঘৰীয়াই এই গলিয়াক এতিয়া উপেক্ষা কৰিছে৷
কিন্তু বিশ্বনাথৰ দৰে উন্নয়নশীল অঞ্চল এটাক পৰিষ্কাৰ আৰু পানী নিষ্কাশন কৰাত অগ্রণী ভূমিকা ল’ব এই নদী নামৰ সুঁতিটোৱে৷ বিশ্বনাথ চাৰিআলিৰ বৌ বজাৰ, সূর্যপুৰ আদিৰ পার্শ্বৱর্তী এলেকাৰ পৰা দগাঁও,বামগাঁৱৰ পূব অংশ গলিয়া আদিৰে বুঢ়ীগাং নদীত সমাহিত হৈছিল যদিও এতিয়া আঁত হেৰুওৱা গলিয়াক পুনৰ উদ্ধাৰৰ দায়িত্ব ল’ব কোনে বুলি প্রশ্ণ উঠিছে৷