নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গামোচা মানে শৰীৰ মোচা কাপোৰহে

🔹 ভাৰত জোড়ো ন্যায় যাত্রাত অসমীয়াৰ স্বাভিমানক চূড়ান্ত অপমান ৰাহুলৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জানুৱাৰী : অসমত ন্যায় যাত্রা চলাবলৈ আহি কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে অসম আৰু অসমীয়াৰ স্বাভিমান গামোচাক চূড়ান্ত অপমান কৰিলে৷ ন্যায় যাত্রাৰ ভাষণত তেওঁক পিন্ধোৱা গামোচাখনৰ বিষয়ে ক’বলৈ গৈ কয় যে গামোচা মানে হৈছে শৰীৰ মোচা কাপোৰহে৷ ইয়াৰ ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে গা মানে হৈছে শৰীৰ, মোচা মানে হৈছে চাফা কৰা৷ এই গামোচাখনেৰে শৰীৰ চাফা কৰা হয়৷ অসম আৰু অসমীয়াৰ স্বাভিমান গামোচাক লৈ ৰাহুল গান্ধীয়ে কৰা এনে আজব বিশ্লেষণত আশ্চর্য প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷  সামাজিক মাধ্যম ফেচবুকত ৰাহুল গান্ধীৰ সেই ভাষ্যৰ ভিডিঅ’ ক্লিপিং প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ গামোচা কেৱল শৰীৰটো মচিবলৈকে নহয়, এয়া অসমৰ স্বাভিমানৰ প্রতীক৷ আমাৰ অসমীয়া গামোচা বহু প্রকাৰেৰে সমৃদ্ধ৷ ৰাজ্যৰ চিনাকিস্বৰূপ প্রাণৰ বিহুত গামোচাক বিহুৱান হিচাপে ব্যৱহাৰৰ লগতে অতিথিক সন্মান জনোৱা, গুৰু আসন তথা বিয়া–সবাহ আদি পৱিত্র উপলক্ষত পৰিধানকে ধৰি সন্মানপূর্বকভাৱে বহু কামত ব্যৱহাৰ হয়৷ ৰাহুল গান্ধীক এই কথাবোৰ কোনে শিকায় নে তেওঁ উদ্দেশ্যপ্রণোদিতভাৱে কৈ থাকে, সেই বিষয়েও সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই প্রশ্ণ কৰে৷ ইপিনে, ৰাহুল গান্ধীয়ে এই ন্যায় যাত্রাত দিয়া ভাষণত মানুহে পুৱা উঠি ষ্ট’ভত কয়লা দি জুই জ্বলাই চাহ বনায় বুলি আজব মন্তব্য কৰে৷

You might also like