নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকল ষ্ট্ৰীট লাইটৰ বাবে অন্ধকাৰাচ্ছন্ন গান্ধী মণ্ডপ পথ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জানুৱাৰীঃ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ষ্ট্ৰীট লাইটৰ পোহৰেৰে গুৱাহাটী মহানগৰীক পোহৰাই তুলিব বুলি বাৰে বাৰে কৈ অহা কথা যে এতিয়া অসাৰ প্ৰতিপন্ন হৈছে। কিয়নো মহানগৰীৰ অতিকৈ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত ষ্ট্ৰীট লাইটৰ অভাৱত নিশা হলে অন্ধকাৰাচ্ছন্ন হৈ পৰে৷ দক্ষিণ শৰণীয়া গান্ধী মণ্ডপ অঞ্চলত বিগত কিছুদিনৰ পৰা ষ্ট্ৰীট লাইটসমূহ বিকল হৈ পৰে৷ নতুন ষ্ট্ৰীট লাইট সংযোগৰ কথা বাদেই পূৰ্বৰ ষ্ট্ৰীট লাইটসমূহ মেৰামতিৰ অভাবত এতিয়া বিকল হৈ পৰিছে ৷ গান্ধীমণ্ডপ পথটো সন্ধিয়া হলে ঘোৰ অন্ধকাৰময় হৈ পৰে ৷ যাৰ বাবে পথচাৰীসকলৰ লগতে স্থানীয় ৰাইজে সন্ধিয়া অহা-যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ পথছোৱা আন্ধাৰ হোৱাৰ বাবে একাংশ যুৱক-যুৱতীয়ে নিশা পথছোৱাত অনৈতিক কাৰ্য্যকলাপত লিপ্ত হয়। আন একাংশই মদ, ভাং, জুৱাৰ আড্ডাস্থলীত পৰিণত কৰিছে পথছোৱা৷ আন্ধাৰৰ সুযোগত পথত থকা কেইবাখনো স্কুটী, বাইক চুৰি হয় গান্ধী মণ্ডপ অঞ্চলৰ পৰা৷ ইয়াৰ পিছতো গুৱাহাটী পৌৰ নিগম তথা স্মাৰ্টচিটিৰ অধীনত ষ্ট্ৰীট লাইটসমুহ মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি স্থানীয় ৰাইজে অৱগত কৰে ৷ একাংশ স্থানীয় লোকৰ অভিযোগ ২ অক্টোবৰ আহিলে জিলা প্ৰশাসন তথা গুৱাহাটী পৌৰ নিগমৰ গান্ধী মণ্ডপ অঞ্চললৈ মনত পৰে৷ গান্ধী জয়ন্তী অনুষ্ঠান শেষ হোৱাৰ পিছত অঞ্চলটোৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই বুলি অৱগত কৰে৷ ৰাইজৰ অভিযোগ স্থানীয় পাৰিষদগৰাকীয়ে সমস্যাসমুহ সমাধান কৰাত কোনো পদক্ষেপ গ্ৰহণ নকৰে৷ এইক্ষেত্ৰত মেয়ৰগৰাকীক শীঘ্ৰেই পথছোৱাৰ ষ্ট্ৰীট লাইটসমুহ মেৰামতি কৰি দিবলৈ স্থানীয় লোকে দাবী জনায় ৷

You might also like