নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেংটক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ বাবে নিৰ্বাচিত কিশোৰ তহবিলদাৰৰ দুৰ্গা- দ্যা ৱাৰিয়’ৰ

নিয়মীয়া বাৰ্তা, ১২ জুনঃ বজালীৰ বলিষ্ঠ নাট্যকাৰ, পৰিচালক তথা অভিনেতা কিশোৰৰ তহবিলদাৰৰ পৰিচালনাৰে প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ অসমীয়া কথাছবি “দুৰ্গা-The Warrior” গেংটক আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ বাবে নিৰ্বাচিত হোৱা খবৰে ৰাজ্যৰ সাংস্কৃতিক জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে তহবিলদাৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত কথাছবিখনৰ প্ৰযোজনা ডাঃ উৎপল তহবিলদাৰৰ। কিশোৰ তহবিলদাৰৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু সুমন দুৱৰাৰ চিত্ৰগ্ৰহণৰে ছবিখন সম্পাদনা কৰিছে দেবাঙ্কৰ বৰগোহাঁইয়ে৷ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মাৰ সংগীত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চাউণ্ড ডিজাইনাৰ দেৱজিৎ গায়নৰ চাউণ্ড ডিজাইন তথা ত্ৰিদিপ তালুকদাৰ আৰু অঙ্কুৰ পাটগিৰিৰ কলা নিৰ্দেশনাৰে ছবিখনত নাম ভুমিকাত অভিনয় কৰিছে অপেছাদাৰী মঞ্চৰ বলিষ্ঠ অভিনেত্ৰী বৰপেটাৰ দীপা দাসে৷ ইয়াৰোপৰি অপেছাদাৰী মঞ্চৰ সবল অভিনেতা অক্ষেন্দ্ৰ দাসৰ লগতে অভিনয় কৰিছে নাটক, ধাৰাবাহিক, চিনেমাৰ অতি জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা (কে.কে.), জয়ন্ত দাস, মহেন্দ্ৰ দাস, ঈশান হাজৰিকা, কবিন দাস, অসীমকৃষ্ণ বৰুৱা, অমন তহবিলদাৰ, চৈয়দ আলম, দীপাঙ্কৰ তালুকদাৰ, হৰ্ষ দাস, জয়ন্ত দাস, জুৰি দেৱী, ৰুমী ভূঞা আদিৰ লগতে নৱগঠিত বজালী জিলাৰ প্ৰায় ৫০০ গৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে৷ স্মৰ্তব্য যে অসমৰ অপেচাদাৰী মঞ্চৰ এক সুপৰিচিত নাম বজালী জিলাৰ নিত্যানন্দৰ সন্তান কিশোৰ তহবিলদাৰে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাট পৰিচালনা আৰু অভিনয় কৰি ভালেসংখ্যক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰং চেনেলৰ বৰলা কাইৰ কেবাটাও খণ্ডৰ চিত্ৰনাট্য ৰচনা কৰা তহবিলদাৰে এইবেলি কহিনুৰ থিয়েটাৰত মঞ্চস্থ হবলগীয়া “নাগিনীৰ অমৃত দংশন” নাটকখনৰো নাট্যৰূপ দিছে৷
প্ৰেৰক- কল্যাণ কলিতা

You might also like