নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশত আৱর্জনা

আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জৰিয়তে জীৱশ্রেষ্ঠ মানৱে নিজৰ প্রয়োজনীয় উপাদানসমূহ যিমানেই সহজলভ্য কৰি তুলিবলৈ সক্ষম হৈছে, সিমানেই প্রত্যক্ষ আৰু পৰোক্ষভাৱে মানৱ জাতিয়ে নিজে সৃষ্টি কৰা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ বিজ্ঞানৰ উদ্ভাৱনেৰে মানুহে পৃথিৱীৰ লগতে বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনত সফল হৈ আছে যদিও বিজ্ঞানৰ উদ্ভাৱনৰ বাবে কিছু সমস্যাৰো সৃষ্টি হৈছে ৷ এক কথাত বিজ্ঞান মানৱ জাতিৰ বাবে আশীর্বাদ হৈ আছে যদিও পৰোক্ষভাৱে কিছু কিছু ক্ষেত্রত অভিশাপো হৈ উঠিছে ৷ সেয়েহে বিজ্ঞানৰ আৱিষ্কাৰ অভিশাপ নে আশীর্বাদ, তাক লৈ চর্চা চলি থাকে ৷ মানুহে পৃথিৱীৰ সা–সম্পদ নিজৰ ভোগৰ বাবে গঢ়ি তোলাৰ সমান্তৰালকৈ পৃথিৱীক নিজৰ হাতত ৰাখিবলৈ আপ্রাণ চেষ্টা চলাই আছে ৷ পৃথিৱীৰ সকলো সম্পদ নিজ ভোগৰ বাবে গঢ়ি তোলাৰ পিছত মহাকাশতো মানৱ জাতিয়ে নিজৰ আধিপত্য বিস্তাৰৰ অভিযান চলাই আছে ৷ মহাকাশত মানুহে কেন্দ্র স্থাপন কৰি তাত থাকি বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন কৰাৰ গৱেষণা চলাই থকাৰ লগতে পৃথিৱীৰ পৰা সা–সামগ্রী লৈ গৈ তাত স্থাপন কৰি বসতি কৰাৰ পণ লৈছে ৷ বিজ্ঞানী মহাকাশচাৰীসকলে মহাকাশত ঘূৰি থকাৰ সমান্তৰালকৈ সম্প্রতি সাধাৰণ মানুহো পর্যটনৰ বাবে মহাকাশলৈ যোৱাৰ পথ মুকলি হৈছে ৷ ইতিমধ্যে মহাকাশ পর্যটন উদ্যোগ আৰম্ভ হৈছে ৷ ইপিনে, যোগাযোগৰ পৰা পৃথিৱীৰ বিভিন্ন তথ্য আহৰণ কৰাৰ বাবে মহাকাশলৈ বিশ্বৰ ইখন দেশৰ পিছত সিখন দেশে কৃত্রিম উপগ্রহ প্রেৰণ কৰি আহিছে ৷
চন্দ্র, মংগল, বৃহস্পতিকে ধৰি বিভিন্ন গ্রহৰ লগতে আনকি সূর্যলৈও যান প্রেৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে ৷ পৃথিৱীৰ পৰা মহাকাশলৈ বিশ্বৰ দেশসমূহে কৃত্রিম উপগ্রহ প্রেৰণ কিম্বা মহাকাশ যানেৰে নতুন নতুন তথ্য আহৰণৰ বাবে প্রতিযোগিতাত অৱতীর্ণ হৈছে ৷ ফলশ্রুতিত মহাকাশত কৃত্রিম উপগ্রহৰ ভিৰ বৃদ্ধি পাইছে ৷ এই কৃত্রিম উপগ্রহৰ কিছুসংখ্যক ইতিমধ্যে বিকল হৈ মহাকাশত ঘূৰি আছে ৷ কিছুসংখ্যক উপগ্রহ ধ্বংসপ্রাপ্ত হৈ টুকুৰাটুকুৰ হৈছে ৷ এইবোৰেই এতিয়া মহাকাশত আৱর্জনা হৈ পৰিছে ৷ কৃত্রিম উপগ্রহকে ধৰি মহাকাশযানৰ ধ্বংসাৱশেষৰ আৱর্জনাই মহাকাশত এতিয়া নতুন সমস্যাৰ সৃষ্টি কৰিছে ৷ বিজ্ঞানীৰ মতে, এনে আৱর্জনাবোৰে পৰিৱেশৰ ওপৰতো প্রভাৱ পেলাইছে ৷ নিশাৰ আকাশ পূর্বৰ দৰে হৈ থকা নাই ৷ অর্থাৎ আকাশৰ স্থিতি কিছু নিম্নগামী হৈ পৰাত পূর্বৰ দৰে তৰা–নক্ষত্র আকাশত দেখিবলৈ পোৱা নাযায় ৷ ইয়াৰ অন্তৰালত মহাকাশত ভিৰ কৰা আৱর্জনাই বুলি বিজ্ঞানীসকলে প্রকাশ কৰিছে ৷ বিশ্বৰ দেশসমূহে মহাকাশলৈ প্রেৰণ কৰা কৃত্রিম উপগ্রহৰ সংখ্যা বৃদ্ধি পাই থকাটো মহাকাশ বিজ্ঞানৰ বাবে যিমান ইতিবাচক, সিমান নেতিবাচকো ৷ বিগত ছয় দশক ধৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা প্রেৰণ কৰা কৃত্রিম উপগ্রহৰ সংখ্যা প্রায় ১১ হাজাৰ ৷ ইয়াৰে সাত হাজাৰ এতিয়াও সক্রিয় হৈ আছে যদিও বাকীখিনি নিষ্ক্রিয় হৈ আৱর্জনা হৈ পৰিছে ৷ ই মহাকাশত আৱর্জনা হৈ পৰিৱেশৰ ওপৰত আঘাত কৰিছে, যিয়ে জলবায়ু পৰিৱর্তনৰ ভয়াৱহ সমস্যাৰ সৃষ্টিত অৰিহণা যোগাই আছে ৷ মহাকাশত ইতিমধ্যে আৱর্জনাই সমস্যা সৃষ্টি কৰাৰ সময়তে ব্যক্তিগত কোম্পানীৰ উদ্যোগত কৃত্রিম উপগ্রহ প্রেৰণৰ প্রতিযোগিতা চলিছে ৷ এইবোৰেই অনাগত দিনত আন এক সংকটৰ সৃষ্টি কৰিব ৷ পৃথিৱীৰ লগত বিশ্বব্রহ্মাণ্ডৰ সম্পর্কৰ ৰহস্য উদ্ঘাটন কৰাত মহাকাশ অভিযানৰ গুৰুত্ব আছে ৷ সম্প্রতি মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰা জলবায়ু পৰিৱর্তন, জলবায়ু সংকটৰ ক্ষেত্রত যিহেতুকে মহাকাশ আৱর্জনাৰো সম্পর্ক আছে বুলি নিশ্চিত হৈছে, সেয়েহে বিশ্বৰ দেশসমূহে পৃথিৱীৰ অস্তিত্বৰ প্রতি গুৰুত্ব দি মহাকাশ প্রতিযোগিতাত অৱতীর্ণ হওঁতে আমি বাস কৰা পৃথিৱীৰ অস্তিত্বক লৈ হেতালি খেলিব নালাগে ৷ মহাকাশ আৱর্জনাৰ সমস্যাটোক গুৰুত্ব দি বিশ্বৰ মহাকাশ বিজ্ঞানীসকলে মহাকাশ অভিযানৰ ক্ষেত্রত অধিক সচেতন হোৱাটো প্রয়োজনীয় ৷

You might also like