নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি স্বাধীনতা লাভ কৰিলোঁ যদিও সম্পূর্ণ স্বাধীন হ’ব পৰা নাইঃ দিগন্ত বিশ্ব শর্মা

🔷 হোজাই গার্লছ কলেজত স্বামী বিবেকানন্দৰ বিদেশ যাত্রা আৰু ভাৰতত তাৰ প্রভাৱ শীর্ষক বক্তৃতানুষ্ঠান

নিয়মীয়া বার্তা, ১ জুনঃ ভাৰত এখন আধ্যাত্মিক দেশ ৷ এই দেশত আধ্যাত্মিকতাৰ বাহিৰে আন একোৰে স্থান নাই ৷ আমি এতিয়াও ইউৰোপিয়ান সংস্কৃতি মতে জীৱন ধাৰণ কৰিয়ে আছোঁ ৷ আমি স্বাধীনতা লাভ কৰিলোঁ যদিও সম্পূর্ণৰূপে স্বাধীন হ’ব পৰা নাই ৷ –এই মন্তব্য বিশিষ্ট চিন্তাবিদ, লেখক, স্বামী অৰবিন্দৰ অনুগামী দিগন্ত বিশ্ব শর্মাৰ ৷ হোজাই গার্লছ কলেজৰ প্রেক্ষাগৃহত এক বক্তৃতানুষ্ঠানত এই মন্তব্য কৰে চিন্তাবিদগৰাকীয়ে ৷ স্বামী বিবেকানন্দৰ বিদেশ যাত্রা আৰু ভাৰতৰ তাৰ প্রভাৱ শীর্ষক বক্তৃতানুষ্ঠানটোত ভাষণ দি তেওঁ কয় যে স্বামী বিবেকানন্দৰ চিকাগোৰ ধর্মসভাত অংশগ্রহণৰ পাছতেই ভাৰতৰ ধর্মশাস্ত্রৰ ওপৰত থকা বিদেশী ৰাষ্ট্র তথা লোকসকলৰ ধাৰণা সলনি হৈছিল ৷ উল্লেখ্য যে ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰত বিবেকানন্দই চিকাগোৰ ধর্মসভাত ভাষণ দিবলৈ  ৩১ মে’ত মুম্বাইৰ পৰা যাত্রা কৰিছিল ৷ এই দিনটোকে বিশেষ তাৎপর্যপূর্ণ দিন হিচাপে লৈ অনুষ্ঠিত কৰা বক্তৃতা সভাত দিগন্ত বিশ্ব শর্মাই কয় যে স্বামী বিবেকানন্দৰ বিদেশ যাত্রা সন্দর্ভত অৰবিন্দই এইবুলি উল্লেখ কৰিছে যে ভাৰতবর্ষ কেৱল জীৱন ধাৰণৰ বাবে নহয়, জয় কৰিবলৈ জাগি উঠিছে ৷ এই প্রসংগতে বিবেকানন্দৰ বিদেশ যাত্রা সন্দর্ভত বক্তব্য প্রদান কৰি দিগন্ত বিশ্ব শর্মাই চক্রৱর্তী ৰাজাগোপালচাৰীয়ে কোৱা প্রসংগত কয়– আমাৰ আধুনিক ইতিহাসৰ প্রতি দৃষ্টিপাত কৰিলে যিকোনো লোকেই জলজল পটপটকৈ দেখিবলৈ পাব স্বামী বিবেকানন্দৰ প্রতি আমি কিমান ঋণী ৷ ভাৰতৰ আপোন মহিমাৰ প্রতি ভাৰতৰ দৃষ্টি তেওঁ উন্মুক্ত কৰিছিল ৷ তেওঁ নির্মাণ কৰিছিল ৰাজনীতিৰ আধুনিক ভিত্তি ৷ আমি অন্ধ হৈ আছিলোঁ, তেওঁ আমাক দৃষ্টি দিছে ৷ তেৱেঁই ভাৰতীয় স্বাধীনতাৰ জনক ৷ আমাৰ ৰাজনৈতিক, সাংস্কৃতিক তথা আধ্যাত্মিক স্বাধীনতাৰ পিতা ৷ আনহাতে, দিগন্ত বিশ্ব শর্মাই স্বামী অৰবিন্দই বিবেকানন্দৰ বিদেশ যাত্রা সন্দর্ভত উল্লেখ কৰা বক্তব্যক দাঙি ধৰি কয় যে গুৰুৱে যিজন পুৰুষ সিংহক দেখুৱাই কৈছিল– এদিন সমগ্র পৃথিৱীক দুই হাতৰ মুঠিত লৈ ৰূপান্তৰ কৰাৰ বাবে যিজন বিবেকানন্দ নিয়তি নির্দিষ্ট, সেইজন বিবেকানন্দৰ বিদেশ যাত্রাই প্রমাণ কৰে যে ভাৰতবর্ষ জীৱন ধাৰণ কৰাৰ বাবে নহয়, বৰং দিগ্বিজয় কৰিবলৈ জাগি উঠিছে ৷ উল্লেখ্য যে হোজাই গার্লছ কলেজৰ ভাৰপ্রাপ্ত অধ্যক্ষ দীপক কুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এই বিশেষ বক্তৃতানুষ্ঠানৰ আঁত ধৰে বাংলা বিভাগৰ অধ্যাপক জয়ন্ত বিশ্বাসে ৷ শতাধিক ছাত্রী আৰু কলেজৰ প্রবক্তাসকলৰ উপস্থিতিত উক্ত বক্তৃতানুষ্ঠানত সাহিত্য অকাডেমিৰ সদস্য, চিন্তাবিদজনে ভাৰতীয় আধ্যাত্মিক দর্শনৰ ঋষি অৰবিন্দসহ স্বামী বিবেকানন্দৰ আদর্শ সন্দর্ভত একাধিক তথ্যসম্বলিত তথা সাৰগর্ভ ভাষণ দি ছাত্রীসকলক মুগ্ধ কৰে৷

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like