নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ জুন, জেঠ মাহৰ ১৭ তাৰিখ
বৃহস্পতিবাৰ  ঃ তিথি–শুক্লা দ্বাদশী, নক্ষত্ৰ  ঃ স্বাতী, যাত্ৰা  ঃ নাই 

মেষঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭ ৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে ৷ সন্তানৰ শুভ ৷
বৃষঃ শুভ ৰং নীলা, শুভ সংখ্যা ৬ ৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি পাব ৷ নিজৰ ভুলত সমস্যাত পৰিব ৷ সহকর্মীৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে ৷
মিথুনঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯ ৷ ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ ভয় ৷ খং দমন কৰি ৰাখক, অন্যথা ক্ষতি হ’ব ৷
কর্কটঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩ ৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে ৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে ৷
সিংহঃ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬ ৷ দুর্ঘটনা হৈ আঘাত পাব পাৰে ৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে ৷ সন্তানৰ শুভ ৷
কন্যাঃ শুভ ৰং বগা, শুভ সংখ্যা ৮ ৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব ৷ কর্মত বাধা আহিলেও সমাধান হ’ব ৷ আনৰ পৰা আর্থিক সহায় পাব ৷ সন্তানৰ শুভ ৷
তুলাঃ শুভ ৰং ৰঙা, শুভ সংখ্যা ২ ৷ বিয়াৰ প্রস্তাৱ আহিব পাৰে ৷ সম্পত্তিক লৈ কাজিয়া–পেচাল হোৱাৰ সম্ভাৱনা ৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে ৷
বৃশ্চিকঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪ ৷ আনৰ উপদেশত কাম কৰি বিপদত পৰিব পাৰে ৷ টকা–পইচা অবাবত খৰচ হ’ব ৷ সন্তানৰ শুভ ৷
ধনুঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩ ৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে ৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে ৷ শুভ কাম আৰম্ভ হ’ব পাৰে ৷ হাতলৈ টকা–পইচা আহিব ৷
মকৰঃ শুভ ৰং নীলা, শুভ সংখ্যা ৭ ৷ পাৰিবাৰিক অন্তর্কলহ হ’ব পাৰে ৷ পিছলি পৰি আঘাত পাব পাৰে ৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে ৷
কুম্ভঃ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৯ ৷ ঘৰুৱা সমস্যাই অশান্তি দিব ৷ হতাশাই আপোনাৰ ক্ষতি কৰিব ৷ যান–বাহন চলোৱাসকল সাৱধান হ’ব ৷
মীনঃ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩ ৷ অচিন ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে ৷ শাৰীৰিক অসুস্থতাই সমস্যাত পেলাব ৷ হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে ৷ কর্মত বাধা আহিব ৷

You might also like