ডিজিটেল ডেস্ক, ১৬ জুলাই : সামাজিক কৰ্মী তথা পৰিৱেশবিদ সোণম ৱাংচুক ১৯ দিনে দিল্লীৰ যন্তৰ মন্তৰত অনশনত বহিছে। শাৰীৰিক অৱস্থা উদ্বেগজনক। তেওঁৰ এই অনশনক লৈ এখন জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছিল, যাৰ ওপৰত বৃহস্পতিবাৰে (১৬ জুলাই) দিল্লী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। আদালতে তেওঁৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। আদালতে কয় যে প্ৰতিজন ব্যক্তিৰ জীৱনৰ গুৰুত্ব আছে। ইয়াৰ লগতে আদালতে কেন্দ্ৰীয় চৰকাৰলৈও এক নিৰ্দেশনা জাৰি কৰিছে।
আদালতে স্পষ্টকৈ জনাই দিছে যে প্ৰতিগৰাকী নাগৰিকৰ জীৱন মূল্যৱান। গতিকে নিয়মীয়াকৈ সোণমৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। প্ৰয়োজনীয় ঔষধ-পাতি যোগান ধৰিব লাগিব। তেওঁৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাব লাগিব।
আজি গোচৰটোৰ শুনানিৰ সময়ত কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক আশ্বাস দিয়ে যে সোণম ৱাংচুকক প্ৰতিদিনে চিকিৎসকে পৰীক্ষা কৰিব। তেওঁ আদালতক জনায় যে সোণম ৱাংচুকৰ ওপৰত প্ৰতিদিনে নজৰ ৰখা হৈছে আৰু ইয়াৰ ৰিপৰ্টো প্ৰস্তুত কৰা হয়।
তেওঁ জনায়, “সোণমৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা হৈছে। অৱশ্যে কেতিয়াবা চৰকাৰী চিকিৎসকে কৰে, কেতিয়াবা আকৌ বেচৰকাৰী হাস্পতালৰ চিকিৎসকে কৰে।” এই স্বীকাৰোক্তিৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে কয়- “আমি বিচাৰোঁ চৰকাৰী চিকিৎসকসকলেহে উক্ত ব্যক্তিজনৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰক। সেই ৰিপৰ্টৰ ভিত্তিত যদি চৰকাৰে হস্তক্ষেপ কৰিবলগীয়া হয়, অনুগ্ৰহ কৰি সেয়া কৰক। প্ৰতিটো জীৱনেই মূল্যৱান।”
আদালতে নিজৰ নিৰ্দেশত কয় যে চিকিৎসকে যাতে ৱাংচুকৰ দৈনিক স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখে। চিকিৎসকে যদি কোনোধৰণৰ চিকিৎসা সাহায্যৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেন্তে কেন্দ্ৰীয় চৰকাৰক ততালিকে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে। আদালতে লগতে কয় যে প্ৰতিজন ব্যক্তিৰ জীৱন অমূল্য আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব।