নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত বনৰীয়া হাতীৰ সন্ত্ৰাস, উদং কৰিলে ধানৰ ভঁৰাল

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনকদিনে  বৃদ্ধি হ’বলৈ ধৰা ঘটনাই আতংকিত কৰি তুলিছে সৰ্বসাধাৰণ  কৃষক ৰাইজক ৷

উল্লেখ্য যে প্ৰতিনিশাই অসম-মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন এলেকাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ সমান্তৰালভাৱে যোৱানিশা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন কৰাপাৰা চেনেহীগাঁৱত লক্ষীৰাম ৰাভাৰ ঘৰৰ চৌহদত বনৰীয়া হাতী প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷ উল্লেখ্য যে বনৰীয়া হাতীয়ে ৰাভাৰ চৌহদত থকা ভঁৰাল ঘৰটো ভাঙি প্ৰায় ২৫ মোন ধান খোৱাৰ উপৰি ৫০ কিলোগ্ৰাম চাউল খাই শেষ কৰাৰ লগতে ঘৰটো লণ্ডভণ্ড কৰে৷

আনহাত, ৰাভাৰ নিজ বাৰীখনতে থকা কঠীয়াতলী এডৰা গছকি তচনচ কৰি পেলায়। ইফালে, থকা ঘৰটোতো হাতীয়ে খুন্দা মৰাত আংতকিত হৈ চিঞৰ-বাখৰ কৰাতহে কোনোৰকম প্ৰাণৰক্ষা পৰে বুলি জানিবলৈ দিয়ে ৰাভাই৷ নিজৰ ভনীয়েকৰ সৈতে বসবাস কৰা ৰাভাই কৃষিকৰ্মৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আহিছে৷ তেনেক্ষেত্ৰত যতনাই ৰখা বছৰৰ ফচল ভঁৰালৰ ধানখিনি হাতীয়ে খাই উদং কৰাৰ উপৰি খেতিৰ এই ভৰপক সময়ত কঠীয়াতলীখনো নষ্ট কৰি পেলোৱাত বাৰুকৈয়ে দুখত ভাগি পৰিছে৷

ইফালে, আজি বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনাল, সম্পাদক সত্যজিত ৰাভাৰ উপৰি বিচিত্ৰ ৰাভা, খনীন্দ্ৰ দৈমাৰীসহ প্ৰতিনিধি দল এটা ৰাভাৰ ঘৰত উপস্থিত হৈ বিতং বুজ লয়৷ তদুপৰি ৰাভা জাতীয় সংগঠনৰ নেতৃবৰ্গই দুখীয়া কৃষকগৰাকীৰ ক্ষেত্ৰত উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে দিনকদিনে বৃদ্ধি হ’বলৈ ধৰা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবেও এক সুদূৰপ্ৰসাৰী কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে৷

নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ১৬ জুলাই :

You might also like