নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় নাৱিকৰ সুৰক্ষাত বৃহৎ পদক্ষেপ কেন্দ্রৰ মোদী চৰকাৰৰ

ডিজিটেল ডেস্ক, ১৬ জুলাই : মার্কিন-ইৰান সংঘাতত জ্বলিছে তৈল ধমনী হৰমুজ প্রণালী৷ এখনৰ পিছত এখন জাহাজত আক্রমণ হোৱাৰ ফলত মৃত্যু হৈছে বহুতো ভাৰতীয় নাৱিকৰ৷ এনে পৰিস্থিতিত ভাৰতীয় নাৱিকসকলক সুৰক্ষা দিবলৈ এইবাৰ বৃহৎ পদক্ষেপ গ্রহণ কৰিছে নৰেন্দ্র মোদী চৰকাৰে৷

জানিব পৰা মতে, হৰমুজত ভাৰতীয় নাৱিকসকলৰ গতিবিধিত নজৰ ৰাখিবলৈ এইবাৰ তৈয়াৰ কৰা হ’ব বিশেষ ‘ট্রেকিং ছিষ্টেম’৷ শেহতীয়াকৈ হৰমুজত ভাৰতীয় নাৱিক থকা দুখন তেলবাহী জাহাজত আক্রমণৰ অভিযোগ উঠিছে ইৰানৰ বিৰুদ্ধে৷ ইয়াৰ পিছতেই কেন্দ্রীয় জাহাজ পৰিবহণ মন্ত্রী সর্বানন্দ সোণোৱালে এখন বৈঠকৰ আহ্বান কৰে৷ তাত এলানি গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

এটা চৰকাৰী বিবৃতিত প্রকাশ কৰা মতে, মন্ত্রী সোণোৱালে ‘ডাইৰেক্টৰেট জেনেৰেল অৱ শ্বিপিং’ (ডিডিএছ)ক পাৰস্য উপ–সাগৰ, হৰমুজ প্রণালী আৰু ওমান উপ–সাগৰত চলাচল কৰা প্রতিখন জাহাজত থকা ভাৰতীয়সকলৰ (এয়া যি দেশৰেই পতাকাবাহী জাহাজ নহওক কিয়?) তথ্য নথিবদ্ধ কৰাৰ নির্দেশ দিছিল৷ সমগ্র পৰিকাঠামৰ বাবে জাহাজভিত্তিক এটা ডেচবোর্ড তৈয়াৰ কৰাৰো নির্দেশ দিয়ে তেওঁ৷ এই ডেচবোর্ডৰ জৰিয়তে জাহাজৰ অৱস্থান, মালিকানা, পণ্য সামগ্রী বা কর্মীসকলৰ সংখ্যা, সম্ভাব্য বিপদাশংকা, যাত্রাপথ, পৰৱর্তী গন্তব্য বা বন্দৰ আৰু তাত উপলব্ধ সুযোগ–সুবিধা সম্পর্কে তাৎক্ষণিক তথ্য পোৱা যাব৷ কেন্দ্রই জনাইছে যে পশ্চিম এছিয়াৰ সংকটৰ পৰিস্থিতিত নাৱিকৰ সুৰক্ষাই অগ্রাধিকাৰ পাব৷

You might also like