নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহস্ৰাধিক লোকৰ সমাগমেৰে উদুলি-মুদুলি মদন কামদেৱ

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ প্ৰতিবছৰৰ দৰে ইং নৱবৰ্ষৰ পহিলা দিনটোত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পূৱৰ খাজুৰাহো খ্যাত ঐতিহ্যমণ্ডিত মদন কামদেৱ মণ্ডিৰত বনভোজ খোৱা দলৰ যথেষ্ট পয়োভৰ ঘটা পৰিলক্ষিত হয়। প্ৰায় দহ সহস্ৰাধিক লোকৰ সমাগমে মুখৰিত আজি কৰি তোলে মদন কামদেৱ মণ্ডিৰ প্ৰাংগণ।নৱ বৰ্ষৰ পহিলা দিনটোৰ পুৱাৰে পৰা গধুলিলৈ লানি নিচিগা জনশ্ৰোত বয় মণ্ডিৰৰ বনবোজ থলীলৈ।প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দিৱানগিৰি পৰ্বতৰ নামনিত অৱস্থিত মদন কামদেৱ মণ্ডিৰ চৌহদত কেন্দ্ৰীয় প্ৰত্নতত্ব সঞ্চালকয়ৰ তত্বাবধনত আশীৰ দশকত খনন কাৰ্য্য চলায় উদ্ধাৰ কৰিছিল ওঠৰটাকৈ শৈল মণ্ডিৰৰ ভগ্নাৱশেষ আৰু অজস্ৰ শৈলমূৰ্তিৰ ভগ্নাৱশেষ। আৰু তাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কেবাখনো ভগ্নপ্ৰায় শিলালিপি।এই শিলালিপিৰ ওপৰত ভিত্তি কৰি এই মণ্ডিৰ ছয় শতিকাৰ পাল বংশীয় ৰজাই নিৰ্মান কৰে বুলি অনুমান কৰা হয়। তাৰোপৰি মুল মণ্ডিৰৰ বেৰ বোৰত শিলৰে অংকিত বিভিন্ন মূৰ্তি দেখিবলৈ পোৱা যায়। এই মূৰ্তিবোৰৰ বেচিভাগ মৈথুন ৰত নৰ-নাৰী, বাঘ, সিংহ,হাতীৰ লগতে বিভিন্ন শিলত খোদিত গছ লতাৰ পাত ফুল দেখিবলৈ পোৱা যায়। মদন কামদেৱ মণ্ডিৰ চৌহদৰ খনন কাৰ্য্যত উদ্ধাৰ হোৱা শৈল ভাস্কৰ্য্য সমুহ খাজুৰাহোৰ শৈল গোহাৰ বেৰত অংকিত শৈল ভাস্কৰ্য্যৰ সতে মিল পোৱা যায় বাবে এই মদন কামদেৱ মণ্ডিৰক পুৱৰ খাজুৰাহো বুলি এচামে মত পোষণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ প্ৰকৃতি প্ৰেমীয়ে ইং বছৰৰ শেষ মাহটোত প্ৰত্নতত্ব ৰত্ন ভাণ্ডাৰ দিৱাানগিৰি পৰ্বতত অৱস্থিত মদন কামদেৱ মণ্ডিৰ চৌহদত উদ্ধাৰ হোৱা ইতিহাসৰ আপুৰুগীয়া সম্পদ শৈল ভাস্কৰ্য্য বোৰ নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ ঢাপলি মেলে।যাৰ ফলত ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ প্ৰতিটো দিনে খদমদম হৈ থাকে মদন কামদেৱ মণ্ডিৰৰ বাকৰি।এই বেলিও ইং নৱ বৰ্ষৰ প্ৰথম দিনটোত হেজাৰ হেজাৰ বনভোজ কাৰীয়ে মদন কামদেৱ মণ্ডিৰ চৌহদত বনভোজ পাতি উদুলি-মুদুলি কৰি তোলে সম্পূৰ্ণ অঞ্চলটো।

প্ৰেৰক হীৰকজ্যোতি ডেকা

You might also like