নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলথ চিটীত চিকিৎসাধীন অভিনেতা দীপজ্যোতি কেওট

বাৰ্তা ডিজিটেল ডেস্ক, ১ জানুৱাৰীঃ হাস্যধৰ্মী চৰিত্ৰৰে অভিনয়প্ৰেমীৰ মনগহনত এক সুকীয়া স্থান দখল কৰা জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অসুস্থ। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছে ‘মোহন’ খ্যাত দীপজ্যোতি। বেহাৰবাৰী আউট পষ্ট ধাৰাবাহিকেৰে চৰ্চা লাভ কৰিছিলে দীপজ্যোতিয়ে। বৰ্তমান হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছে দীপজ্যোতি। জানিব পৰা মতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দীপজ্যোতি। সম্প্ৰতি অভিনেতাজনৰ এক অস্ত্ৰোপচাৰ চলি আছে। উল্লেখ্য যে জানুৱাৰীৰ ৮ তাৰিখৰ পৰা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ মনোৰঞ্জনধৰ্মী চেনেল ৰঙত সম্প্ৰচাৰ হব লগা বিয়লিৰ বৃন্দাবনৰ শ্বুটিঙত ব্যস্ত আছে দীপজ্যোতি।

You might also like