নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইকৰ্টত জামিনৰ আবেদন খাৰিজ শ্ৰীনিবাসৰ, গ্ৰেপ্তাৰ আসন্ন

নিয়মীয়া বাৰ্তা, ৬ মে’: যুৱনেত্রী অংকিতা দত্তক নির্যাতন চলোৱা গোচৰৰ মূল অভিযুক্ত যুৱ কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি শ্রীনিৱাস বি ভিক গ্রেপ্তাৰৰ পথ প্রশস্ত হ’ল৷ ৰাষ্ট্রীয় সভাপতি শ্রীনিৱাসে অগ্রিম জামিন বিচাৰি দাখিল কৰা আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে৷ তদুপৰি দিছপুৰ থানাত তেওঁৰ বিৰুদ্ধে অংকিতা দত্তই দাখিল কৰা এজাহাৰ খাৰিজ কৰিবলৈ দাখিল কৰা আন এখন আবেদনো গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে৷ শ্রীনিৱাসে দাখিল কৰা দুয়োখন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে খাৰিজ কৰাৰ লগে লগে তেওঁক গ্রেপ্তাৰ কৰাত আৰক্ষীৰ কোনো বাধা এতিয়াৰে পৰা নোহোৱা হ’ল৷

ইয়াৰ পূর্বে দিছপুৰ আৰক্ষীয়ে এখন জাননীৰ জৰিয়তে যোৱা ২ মে’ত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ ৰাষ্ট্রীয় যুৱ কংগ্রেছৰ নেতাজনক জাননী প্রেৰণ কৰিছিল৷ কিন্তু সেই জাননী অনুসৰি তেওঁ আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ পৰিৱর্তে আত্মগোপন কৰি আদালতে আদালতে জামিন বিচাৰি ফুৰিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপৰি বাংগালুৰুৰ এখন নিম্ন আদালততো তেওঁ জামিন আবেদন দাখিল কৰিছিল৷

অৱশ্যে সেই আবেদনখনো নিম্ন আদালতে নাকচ কৰিছিল৷ আনহাতে শ্রীনিৱাসে দাখিল কৰা আবেদনখনৰ শুনানিত তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা কেছ ডায়েৰী কোনো ৰাজনৈতিক উদ্দেশ্যেৰে এই এজাহাৰ দাখিল কৰা বুলি কোনো ইংগিত নথকাৰ পৰিপ্রেক্ষিতত তেওঁৰ আবেদন নাকচ কৰে৷ উল্লেখ্য যে অসম প্রদেশ যুৱ কংগ্রেছৰ সভাপতি হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়ত অংকিতা দত্তক ৰাষ্ট্রীয় পর্যায়ৰ নেতাজনে বাৰম্বাৰ শাৰীৰিক আৰু মানসিকভাৱে নির্যাতন চলোৱা বুলি অভিযোগ উত্থাপিত হৈছিল৷

আনকি যুৱ নেতাজনৰ বিৰুদ্ধে অংকিতা দত্তই দলীয়ভাৱে কেইবাবাৰো অভিযোগো দাখিল কৰিছিল৷ তৎসত্ত্বেও শ্রীনিৱাস বি ভিৰ বিৰুদ্ধে শীর্ষ নেতৃত্বই কোনো ব্যৱস্থা গ্রহণ নকৰাত সামাজিক মাধ্যমৰ জৰিয়তে অংকিতা দত্ত সৰৱ হৈ পৰে৷ ইয়াৰ লগে লগে দলীয় অনুশাসন ভংগৰ অভিযোগত অংকিতা দত্তলৈ কংগ্রেছৰ আইনী কোষে জাননী প্রেৰণ কৰে৷ সমান্তৰালভাৱে ৬ বছৰৰ বাবে অংকিতা দত্তক কংগ্রেছৰ প্রাথমিক পদৰ পৰাও বহিষ্কাৰ কৰা হয়৷ ইয়াৰ পিছতে যুৱ নেত্রীগৰাকীয়ে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ লগতে তথ্য প্রযুক্তি আইনৰ অধীনত শ্রীনিৱাস বি ভিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে৷

ইয়াৰ পিছতে আত্মগোপন কৰা শ্রীনিৱাস বি ভিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটো খাৰিজ কৰিবলৈ এখন ক্রিমিনেল আবেদন দাখিল কৰে৷ কেইবাদিনো শুনানিৰ অন্তত গোচৰটোৰ সকলো দিশ পৰীক্ষা কৰি উচ্চ ন্যায়ালয়ে আবেদনখন নাকচ কৰে৷ ইয়াৰ সমান্তৰালভাৱে শ্রীনিৱাসে দাখিল কৰা ১৫৫৬/২০২৩ নম্বৰৰ অগ্রিম জামিন আবেদনখনৰ শুনানিৰ সময়ত চৰকাৰী অধিবক্তা মাখন ফুকনে যুক্তি প্রদর্শন কৰি কয় যে ভুক্তভোগী মহিলাগৰাকীয়ে ফৌজদাৰী বিধিৰ ১৬১ আৰু ১৬৪ ধাৰাৰ অধীনত ইতিমধ্যে স্বীকাৰোক্তি দিছে৷ তদুপৰি অভিযুক্তই কর্ণাটকৰ বেংগালুৰু সত্র ন্যায়াধিশৰ আদালতত দাখিল কৰা দুখন জমিন আবেদন কেছ ডায়েৰী লাভ কৰাৰ পিছত নাকচ কৰা হৈছে৷ একে সময়তে দুই মে’ত ১১ বজাত দিছপুৰ থানাত হাজিৰ হ’বলৈও ফৌজদাৰী বিধিৰ ৪১ এ ধাৰাৰ অধীনত জাননী জাৰি কৰা হৈছিল৷ কিন্তু এই জাননী অনুসৰি তেওঁ থানাত হাজিৰ নহ’ল৷

সেয়েহে শ্রীনিৱাসৰ অগ্রিম জামিনৰ বিৰোধিতা কৰে চৰকাৰী অধিবক্তাজনে৷ ইয়াৰ পিছতে প্রাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পৰিপ্রেক্ষিতত তথা আদালতত ভুক্তভোগীয়ে জবানবন্দী দিয়াৰ প্রতি লক্ষ্য ৰাখি শ্রীনিৱাসৰ অগ্রিম জামিন নাকচ কৰে৷

You might also like