নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা জনমতো সলনি কৰিব নোৱাৰে বৰপেটা মেডিকেলৰ নাম : গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : নিৰ্বাচনী বাকযুদ্ধ তীব্ৰ হৈ উঠাৰ মাজতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰপেটা মেডিকেল কলেজৰ নাম সলনিক লৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ‘এই জনমত নহয়, অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈয়ে।’ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে বৰপেটা বিধানসভা সমষ্টিত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ চৰকাৰ আহিলে বৰপেটা মেডিকেল কলেজৰ নাম পুনৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰিম বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহ্বান জনায়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ‘এই জনমত নহয়, অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব।’ উল্লেখ্য যে বুধবাৰে সংখ্যালঘু বসতিপ্ৰধান মন্দিয়াত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ চৰকাৰ আহিলে বৰপেটা মেডিকেল কলেজৰ নাম পুনৰ ফখৰুদ্দিন আলী আহমেদৰ নামেৰে নামকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে।

তদুপৰি অবৈধ বিদেশী আৰু বেদখলৰ প্ৰসংগতো সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ শৰ্মা । বৰপেটাত হোৱা বেদখল আৰু অবৈধ বিদেশীৰ আগ্ৰাসনৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- যদি অসমীয়া মানুহ ঐক্যবদ্ধ হৈ নাথাকে তেন্তে আগন্তুক দহ বছৰত জিলাখনত কোনো লোক থাকিব নোৱাৰিব। তেওঁ কয় যে বৰপেটাৰ সকলো খিলঞ্জীয়া গুৱাহাটীলৈ উঠি যাব লগা পৰিস্থিতিৰ সৃষ্টি হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটাত মাটি বেদখল কৰি থকা অবৈধ বিদেশীক সকীয়াই এইবাৰ এটা এটাকৈ বেদখলকাৰীক খেদা হ’ব বুলি বুলি হুংকাৰ প্ৰদান কৰে।

তেওঁ কয়- ‘বৰপেটাত যিমান মাটি দখল কৰি আছে সকলোকে এটা এটাকৈ খেদা হ’ব । চৰকাৰী মাটিত বহি যিয়ে আমাৰ ওপৰত ৰজা হ’ব খুজিছে কাকো ৰেহাই দিয়া নহ’ব ।’ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “যোৱাবাৰ অলপ ঠেং-হাত ভঙা হৈছিল, এইবাৰ কামিহাড়ডালকে ভাঙি দিয়া হ’ব। যাতে অসমত কেতিয়াও আমাৰ অসমীয়া মানুহৰ ওপৰত ৰঙা চকু দেখুৱাব নোৱাৰে ।“

You might also like