নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ গগৈ-এ নাপালে নিৰাপত্তা ক্লীয়াৰেঞ্চ

গৌৰৱ গগৈ-এ নাপালে নিৰাপত্তা ক্লীয়াৰেঞ্চ

পাকিস্তান লিংক : সর্বদলীয় তালিকাৰ পৰা নাম কর্তন

বিশেষ বাৰ্তা, ১৯ মে’ : পাকিস্তানৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰত চৰকাৰে বিশ্বজুৰি প্রচাৰ চলোৱাৰ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ বাবে বিশ্বৰ বিভিন্ন ৰাষ্ট্রলৈ ভাৰত চৰকাৰে সর্বদলীয় প্রতিনিধি দল প্রেৰণৰ ব্যৱস্থা কৰিছে৷ মুঠ ৭টা সর্বদলীয় প্রতিনিধি দলে বিশ্বৰ বিভিন্ন দেশলৈ গৈ পাকিস্তানৰ সন্ত্রাসবাদৰ বিৰুদ্ধে প্রচাৰ চলাব৷ এই সর্বদলীয় প্রতিনিধি দলৰ বাবে কংগ্রেছে সাংসদ গৌৰৱ গগৈৰ নামো তালিকাত সন্নিৱিষ্ট কৰিছিল৷  কিন্তু লগে লগে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পাকিস্তানৰে লিংক থকা গৌৰৱ গগৈৰ নাম এনে এটা স্পর্শকাতৰ আৰু কৌশলগত বিষয়ত সন্নিৱিষ্ট কৰাত অসন্তুষ্টি ব্যক্ত কৰে আৰু টুইটযোগে এই বিষয়টো ভাৰত চৰকাৰৰ লগতে কংগ্রেছ নেতা ৰাহুল গান্ধীৰো দৃষ্টিগোচৰ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই পদক্ষেপৰ পাছতে বিদেশ যাত্রাৰ সর্বদলীয় তালিকাৰ পৰা নাম কটা গ’ল গৌৰৱ গগৈৰ৷ গৌৰৱ গগৈয়ে নাপালে নিৰাপত্তা ক্লীয়াৰেঞ্চ৷ পাকিস্তানৰে গৌৰৱ গগৈৰ সম্পর্কৰ অভিযোগৰ বাবেই তেওঁ নিৰাপত্তা ক্লীয়াৰেঞ্চৰ পৰা বঞ্চিত হয়৷ আনহাতে, অসমৰ দুই বিজেপি সাংসদ ভুবনেশ্বৰ কলিতা আৰু প্রদান বৰুৱা সর্বদলীয় প্রতিনিধি দলত অন্তর্ভুক্ত হৈছে৷ সর্বদলীয় তালিকাত স্থান পোৱা ভুবনেশ্বৰ কলিতাই আমেৰিকা, গুৱেনা, পানামা, ব্রাজিল আৰু কলম্বিয়ালৈ যাব৷ সেইদৰে সর্বদলীয় তালিকাত স্থান পোৱা প্রদান বৰুৱাই ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া, জাপান আৰু ছিংগাপুৰলৈ যাব৷ এই সন্দর্ভত সাংসদ প্রদান বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে পূর্বতে তেওঁলোকে বিভিন্ন ৰাষ্ট্রলৈ বিভিন্ন কামত গৈছে যদিও এইবাৰ দেশৰ সুৰক্ষা আৰু সার্বভৌমত্বৰ স্বার্থত পাকিস্তানে চলাই অহা সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন ৰাষ্ট্রক অৱগত কৰিবলৈ যাব৷ ইপিনে, সর্বদলীয় প্রতিনিধি দলত স্থান লাভ কৰা অসমৰ দুই সাংসদ ভুবনেশ্বৰ কলিতা আৰু প্রদান বৰুৱাক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অভিনন্দন জনাই কয় যে তেওঁলোকে ভাৰতক প্রতিনিধিত্ব কৰিব৷ ভাৰতৰ বিষয়ে বিশ্ব দৰবাৰত সজোৰে পাকিস্তানে চলাই অহা সন্ত্রাসবাদৰ বিৰুদ্ধে অৱগত কৰিব৷ পাকিস্তানে শেহতীয়াকৈ বাংলাদেশতো অশান্তি কৰিব বিচাৰি আছে আৰু ইয়াৰ দ্বাৰা উত্তৰ–পূবো কেনেদৰে প্রভাৱিত হ’ব পাৰে সেই বিষয়ে অৱগত কৰিব৷ উল্লেখ্য যে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ সন্ত্রাসবাদৰ প্রতি পৃষ্ঠপোষকতাৰ বিৰুদ্ধে ‘এক অভিযান–এক বার্তা–এক ভাৰত’ বার্তাৰে ৩৩খন ৰাষ্ট্রলৈ অহা ২৩ মে’ত যাত্রা আৰম্ভ কৰিবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি দলত অন্তর্ভুক্ত ৫৯ সাংসদৰ তালিকা পৰহি নিশা ঘোষণা কৰিছিল কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী কিৰেণ ৰিজিজুৱে৷

You might also like