ডিজিটেল ডেস্ক, ১০ মার্চ : বৃহৎ ধনৰ লেনদেনৰ কাৰণেই ৰাইজৰ দল আৰু কংগ্রেছৰ মিত্রতা সম্ভৱ নহ’ল বুলি স্পষ্ট ইংগিত দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ স্পষ্ট অভিযোগ– ৰাইজৰ দল আৰু কংগ্রেছৰ মিত্রতা নোহোৱাৰ প্রধান কাৰণ হ’ল গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে গোটেই সমষ্টিসমূহৰ প্রার্থীৰ পৰা টকা লৈ থৈছে৷ এওঁলোকৰ এই যুটিটোৰ কাৰণেই মিত্রতা নহ’ল বুলি স্পষ্ট অভিযোগ কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সোমবাৰে মৰিয়নিত সংবাদ মাধ্যমৰ আগত কয় যে দুয়োটা দলৰ মাজত মিত্রতা এআইচিচিয়ে বিচাৰিলেও গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে নিবিচৰা কাৰণেই সম্ভৱ নহ’ল৷
দুয়োটা দলৰ মাজত মিত্রতা সম্পন্ন নোহোৱা বিষয় লৈ কংগ্রেছ তথা প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীলৈ সম্পূর্ণ দোষ ঠেলি দি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি দোহাৰে আৰু কয়– মই অখিল গগৈ হয়৷ মই দিল্লীৰ ওচৰত কেতিয়াও নতজানু নহওঁ৷ মই জাতীয়তাবাদত বিশ্বাস কৰোঁ৷ মই স্বাভিমানত বিশ্বাস কৰোঁ৷ অসমীয়া জাতিৰ সত্তাৰ ওচৰত বিশ্বাস কৰোঁ৷ এই কথা সকলোৱে মনত ৰখা ভাল৷ আমাক সেই ধৰণে সন্মান নকৰিলে মিত্রতা অসম্ভৱ৷
ৰাইজৰ দলৰ আঞ্চলিকতাবাদ দিল্লীৰ ওচৰত মূৰ তল নকৰা আঞ্চলিকতাবাদ বুলি মন্তব্য কৰি অখিল গগৈয়ে আৰু কয় – কংগ্রেছে যদি আমাক ধমকি মাৰে আমি কেয়াৰ কৰা মানুহ নহয়৷ আমাক যদি ধমকি মাৰি কথা কয় আমি নুশুনো৷ আমি স্বাভিমানী আঞ্চলিকতাবাদী মানুহ, আমি কি কেয়াৰ কৰিম৷ প্রদেশ কংগ্রেছৰ নেতৃত্বই ৰাইজৰ দলক ‘ইনছাল্ট’ কৰা বুলিও কয় অখিল গগৈয়ে৷