নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCHত প্ৰথমবাৰলৈ আৰম্ভ প্লাজমা থেৰাপি

নিয়মীয়া বাৰ্তা, ৯জুলাইঃ GMCHত প্ৰথমবাৰলৈ আৰম্ভ হ’ল প্লাজমা থেৰাপি। ডাঃ লিথিকেশে দান কৰা প্লাজমা আজি এগৰাকী ক’ভিড ৰোগীক প্ৰদান কৰা হৈছে। অতি গুৰুতৰভাৱে অসুস্থ ৰোগীগৰাকীক প্ৰদান কৰা হৈছে প্লাজমা থেৰাপি।

GMCHৰ প্লাজমা বেংকত ২ ঘণ্টাতকৈ অধিক সময় PPE KIT পিন্ধি কাম-কাজৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। GMCHৰ ICUত বৰ্তমান ৩০ গৰাকী ক’ভিড ৰোগী আছে, ইয়াৰে ২৮জনৰ অৱস্থা অত্য়ন্ত জটিল বুলি জানিবলৈ দিলে স্বাস্থ্য়মন্ত্ৰীয়ে।

আনহাতে গুৱাহাটীত লকডাউন বৃদ্ধিৰ সন্দৰ্ভত নাগৰিক সমাজৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য় মন্ত্ৰী ডঃ শৰ্মাৰ।

You might also like