বিশেষ বাৰ্তা, ১৪ জুনঃ সম্পূৰ্ণৰূপে কাগজহীন হব অসম চৰকাৰৰ বিত্তীয় লেনদেন প্ৰক্ৰিয়া। প্ৰচলন কৰা হব ডিজিটেল হস্তাক্ষৰ ব্যৱস্থা। ৰাজ্যৰ বিত্ত বিভাগে গ্ৰহণ কৰা এই সুদূৰপ্ৰসাৰী সিদ্ধান্ত মৰ্মে পাইলট আঁচনি স্বৰূপে দিল্লীস্থিত অসম চৰকাৰৰ সকলো কাৰ্যালয়ৰ বিত্তীয় লেনদেন কাগজহীন কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। লক্ষ্যনীয়ভাৱে কাগজহীন বিত্তীয় লেনদেনৰ এয়াই হব ৰাজ্যৰ প্ৰথমটো পদক্ষেপ। ইয়াৰ বাবে বিত্ত বিভাগৰ আছাম ছচাইটি ফৰ কম্প্ৰিহেনছিভ ফাইনেন্সিয়েল মেনেজমেন্ট ছিষ্টেমে মঙলবাৰে দিল্লীস্থ আছাম ভৱনৰ কোষাগাৰ বিষয়ালৈ প্ৰয়োজনীয় নিৰ্দেশৱলী প্ৰেৰণ কৰিছে। কোৱা হৈছে ইয়াৰ জৰিয়তে ব্যয় প্ৰক্ৰিয়াকৰণ, একাউন্টিং আৰু ৰছিদ ব্যবস্থাপনাৰ নিছিনা সকলো বিত্তীয় প্ৰক্ৰিয়া ডিজিটেলযোগে সমাধা কৰা হব। এই প্ৰসংগত দিল্লীস্থ আছাম ভবনৰ কোষাগাৰ বিষয়া জ্যোতিষ্মান ভট্টাচাৰ্যই এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰা মতে, ডিজিটেল হস্তাক্ষৰৰ যোগেদি বিত্তীয় লেনদেন প্ৰক্ৰিয়া নিঃসন্দেহে চৰকাৰৰ এটা ইতিবাচক পদেক্ষপ। প্ৰথমবাৰৰ বাবে অসম ভৱনত পাইলট আঁচনি হিচাপে লোৱা এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হব। সংশ্লিষ্ট কৰ্মচাৰীসকলক ইয়াৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হব তথা সমগ্ৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত তেওঁলোকক সংবেদনশীল কৰি তোলা হব। আনহাতে দিল্লীস্থিত অসম তথ্য কেন্দ্ৰৰ উপসঞ্চালক ছাবিৰ নিছাতৰ বক্তব্য– দীৰ্ঘদিন ধৰি বিত্তীয় লেনদেনৰ বিষয়টো ডিজিটেল কৰাৰ বাবে চৰকাৰে চিন্তাচৰ্চা চলাই আছিল। তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ৰ পৰাই ইয়াৰ বাবে কুচকাৱাজ চলাই থকা হৈছিল যদিও সেয়া কাহানিও বাস্তবায়িত হোৱা নাছিল। পিছে ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এয়া এতিয়া বাস্তবায়িত হোৱাৰ দিশে আগবাঢ়িছে। বিশেষকৈ দিল্লীস্থ অসমৰ চৰকাৰী কাৰ্যালয়সমূহৰ বাবে প্ৰথমবাৰৰ বাবে পাইলট আঁচনি হিচাপে লোৱা এই পদক্ষেপৰ জৰিয়তে দিল্লীত কৰ্মৰত অসমৰ চৰকাৰী কৰ্মচাৰীসকলে এক ঐতিহাসিক ব্যৱস্থাপনাৰ সাক্ষী হৈ ৰব। নিছাতৰ মতে ডিজিটেল লেনদেন প্ৰক্ৰিয়াৰ জৰিয়তে ষ্টেচনাৰী সামগ্ৰীৰ ব্যয় হ্ৰাস পোৱাৰ লগতে সময়ৰ ব্যয়ও হ্ৰাস পাব। আনহাতে অসম তথ্য কেন্দ্ৰৰ কৰ্মচাৰী প্ৰশান্ত দাসৰ বক্তব্য- সোণোৱাল চৰকাৰৰ দিনতেই বিত্তীয় লেনদেন প্ৰক্ৰিয়াটো অনলাইন কৰা হৈছিল যদিও লগতে হস্তাক্ষৰযুক্ত কাগজৰ প্ৰতিলিপিও কোষাগাৰত দাখিল কৰিব লগীয়া হৈছিল। আমাৰ কাৰ্যালয়ৰ পৰা আছাম ভৱনত থকা কোষাগাৰ বিষয়াৰ কাৰ্যালয়লৈ সদায় এজন পিয়নক প্ৰেৰণ কৰিবলগীয়া হৈছিল। স্বভাবতই যাতায়াতৰ এটা অতিৰিক্ত ব্য়য় বহন কৰিব লগীয়া হৈছিল চৰকাৰক। এতিয়া ডিজিটেল লেনদেনৰ জৰিয়তে সমগ্ৰ প্ৰক্ৰিয়াটো সহজ তথা সুচল হব বুলি আশা কৰিছো। মন কৰিব লগীয়া যে দিছপুৰস্থিত একাউণ্টছ আৰু কোষাগাৰ সঞ্চালকালয়কত ডিজিটেল হস্তাক্ষৰ প্ৰক্ৰিয়া ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈছে। ইপিনে অসম তথ্য কেন্দ্ৰৰ উপসঞ্চালক নিছাতে জনোৱা মতে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ সদভাৱনা আঁচনিৰ জৰিয়তে অসম সচিৱালয় সম্পূৰ্ণৰূপে কাগজহীন হোৱাৰ দিশে আগবাঢ়িছে। সচিবালয়ত থকা ৩.৫ লাখ নতুন-পুৰণি ফাইল চাৰিটা শ্ৰেণীত বিভক্ত কৰি ডিজিটেলযোগে সংৰক্ষিত কৰাৰ প্ৰক্ৰিয়া চলি আছে। ক-শ্ৰেণীভুক্ত ফাইলসমূহক স্থায়ীভাৱে সংৰক্ষিত কৰা হব। খ- শ্ৰেণীত ১২ বছৰৰ পুৰণি ফাইলক সংৰক্ষণ কৰা হব। গ- শ্ৰেণীত ৫ বছৰ পুৰণি ফাইল আৰু ঘ-শ্ৰেণীত এবছৰৰ পুৰণি ফাইলসমূহক সংৰক্ষণ কৰি থকা হৈছে।
প্ৰেৰক কল্লোল ভৌমিক