নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা কলেজৰ অধ্যাপক মজবুল হক চৌধুৰীৰ আত্মসমৰ্পণ

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ২ অক্টোবৰ : গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক প্ৰৱঞ্চক মজবুল হক চৌধুৰীৰ বিৰুদ্ধে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছত আজি গোৱালপাৰা সদৰ থানাত আত্মসমৰ্পন কৰে। একাংশ সংবাদ মাধ্যমত কালি বাতৰি প্ৰকাশ হোৱাৰ পিছতে কেইবাগৰাকী ভুক্তভোগীয়ে গোৱালপাৰা সদৰ থানাত অধ্যাপক প্ৰৱঞ্চক মজবুল হক চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিয়েই অধ্যাপকগৰাকীক আটক কৰিবলৈ বিচাৰি থাকোতে আজি মজবুল হক চৌধুৰীয়ে আত্মসমৰ্পণ কৰে। উল্লেখ্য যে এইগৰাকী অধ্যাপকে বিগত তিনি চাৰি বছৰ আগৰেপৰা গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃজিলাৰ লোকৰ পৰাও চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। পিছত চাকৰি দিব নোৱাৰাত টকা ঘূৰাই বিচৰাৰ মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি ঘূৰাই থকাত ভুক্তভোগীসকলে অতীষ্ঠ হৈ পৰিছিল। এই সন্দৰ্ভত ভুক্তভোগী লোকসকলে গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষক টকা বিচাৰি গৈছিল। অৱশেষত অধ্যাপকগৰাকীয়ে ধন লৈ থকাৰ এটা ভিডিঅ’ কালি ভাইৰেল হোৱাৰ পিছত বিভিন্ন সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ পায়।ধন সংগ্ৰহৰ ভিডিঅ’ সহ বাতৰি প্ৰকাশ হোৱাৰ পিছতে কেইবাগৰাকী লোকে কালি গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰে। অৱশ্যে ধন সংগ্ৰহৰ ভিডিঅ’ টো তিনি চাৰি বছৰৰ পূৰণি আছিল। কাক কি চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল সেয়া জানিব পৰা হোৱা নাই যদিও চাকৰি প্ৰদানৰ নামত যে কেবা লক্ষাধিক টকা সংগ্ৰহ কৰিছিল সেয়া নিশ্চিত বুলি জানিব পৰা গৈছে। অৱশ্যে গোৱালপাৰা সদৰ থানাত আত্মসমৰ্পন কৰাৰ সময়ত অধ্যাপক মজবুল হক চৌধুৰীয়ে এয়া ষড়যন্ত্ৰমূলকভাৱে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে বুলি উল্লেখ কৰে। তাৰোপৰি তেওঁ কয় যে আইনৰ ওপৰত তেওঁৰ আস্থা আছে আৰু আইনে যি কৰিব তাক মানি ল’ব বুলি উল্লেখ কৰে। ইপিনে প্ৰৱঞ্চক অধ্যাপৰ মজবুল হক চৌধুৰীক কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে গোৱালপাৰাবাসী ৰাইজে। অধ্যাপকৰ দৰে বৃত্তিত জড়িত থাকিও চাকৰি দিয়াৰ জাল পাতি লাখ লাখ টকা সংগ্ৰহ কৰা প্ৰৱঞ্চক মজবুল হক চৌধুৰীক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰো দাবী জনাইছে গোৱালপাৰাৰ বিভিন্ন দল সংগঠনে।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like