নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট মাৰ্ডাৰ কাণ্ড লাভ জেহাদৰ পৰিণতি : মুখ্যমন্ত্রী

বিশেষ বার্তা, ২৬ জুলাই : ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ত্রিপল মার্ডাৰ ঘটনাৰ বুজ লবলৈ আজি পুৱাৰ ভাগতে হেলিকাপ্টাৰযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা গোলাঘাটত উপস্থিত হয়৷ উল্লেখ্য, যোৱা ২৪ জুলাইত গোলাঘাট নগৰৰ হিন্দী সুক্ল পথৰ নিবাসী শহুৰেক সঞ্জীৱ ঘোষ, শাহু জুনু ঘোষ, পত্নী সংঘমিত্রা ঘোষক দিন দুপৰতে একেলগে অতি নৃশংসভাৱে চোকা দাৰে ঘপিয়াই হত্যা কৰে জোঁৱায়েক নাজিবুৰ ৰহমানে৷ এই জঘন্যতম হত্যাকাণ্ডই গোলাঘাটত তীব্র উত্তেজনাৰ সৃষ্টি কৰে৷ শহুৰ, শাহু, পত্নী তিনিওকে হত্যা কৰি নিজৰ আঠমহীয়া সন্তানক লৈ উধাও হোৱা নাজিবুৰে পিছত গোলাঘাট সদৰ আৰক্ষী থানাত আত্মসমর্পণ কৰাৰ লগতে আৰক্ষীৰ আগত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে৷ সমগ্র ৰাজ্য জুৰি তীব্র চাঞ্চল্য তথা প্রতিক্রিয়া সৃষ্টি কৰা এই জঘন্যতম হত্যাকাণ্ডৰ তদন্তৰ বাবে কালিয়েই গুৱাহাটীৰ পৰা চিআইডিৰ লগতে ফৰেনচিক বিশেষজ্ঞৰ দল আৰু যোৰহাটৰ ডগচ্ স্কোৱাড সহিত উচ্চ পর্যায়ৰ বিষয়াৰ নেতৃত্বত ঘটনাৰ সকলো দিশ সামৰি জোৰদাৰ তদন্ত অব্যাহত আছে৷ তাৰ মাজতে আজি মুখ্যমন্ত্রী ড০ শর্মা পুৱাতেই গোলাঘাটত উপস্থিত হৈয়েই পোনে পোনে হত্যাকাণ্ডৰ বলি হোৱা সঞ্জীৱ ঘোষৰ পৰিয়ালৰ একমাত্র জীৱিত সদস্য কনিষ্ঠা কন্যা অংকিতা ঘোষে আশ্রয় গ্রহণ কৰি থকা গোলাঘাটৰ শ্রীমন্ত নগৰৰ জেঠায়েকৰ পুতেকৰ ভাডাঘৰত উপস্থিত হৈ অংকিতা আৰু তেওঁৰ আত্মীয়ৰ সৈতে কথা–বতৰা পাতি ঘটনাৰ সবিশেষ বুজ লয়৷ পুৱা প্রায় ৯-৩০ বজাত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে প্রায় আধা ঘন্ঢা ধৰি অংকিতা সহ আত্মীয়ৰ সৈতে বার্তালাপ কৰে৷ ইয়াৰ পিছতে সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে গোলাঘাটৰ নৃশংস এই হত্যাকাণ্ডৰ ঘটনাত ব্যক্তিগতভাৱেও তেওঁ অতিশয় মর্মাহত হোৱা বুলি মন্তব্য কৰি দোষীক ফাষ্টড্রেক আদালতৰ জৰিয়তে বিচাৰ কৰি কঠোৰতম শাস্তিৰ বাবে অহা ১৫ দিনৰ ভিতৰত হত্যাকাণ্ডৰ তদন্তৰ চার্জশ্বিট দাখিলৰ নির্দেশ দিয়া বুলি জানিবলৈ দিয়ে৷ অন্যহাতে জঘন্য এই ত্রিপল মার্ডাৰত নিহত সংঘমিত্রা ঘোষৰ সৈতে হত্যাকাৰী স্বামী নাজিবুৰ ৰহমানৰ বিবাহ আৰু অৱশেষ পৰিণতিক লাভ জেহাদৰ ঘটনাৰ ফল বুলি মন্তব্য কৰে৷ হত্যাকাৰী নাজিবুৰৰ ফাঁচীৰ বাবে আদালতত আবেদন কৰা হব বুলিও জনায়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে নাজিবুৰ আৰু সংঘমিত্রাৰ মাজত প্রথম ফেচবুক যোগে চিনাকি হৈছিল আৰু নাজিবুৰে নিজকে ৰিমন বৰা বুলি হিন্দু যুৱক হিচাপে চিনাকি দি কৌশলেৰে পলুৱাই নি প্রথমতে ড্রাগচ সেৱন কৰিবলৈ বাধ্য কৰাইছিল৷ নিজেও ড্রাগচ আসক্ত নাজিবুৰে সৰু–সুৰাকৈ ড্রাগচৰ ব্যৱসায়ৰ লগত জডিত আছিল৷ সংঘমিত্রাক নাজিবুৰে ইনজেক্টেবল্ ড্রাগচ দিছিল আৰু এটা সময়ত গর্ভৱতী কৰিছিল আৰু নিজৰ ঘৰলৈ নি তাইক নির্মম অত্যাচাৰ চলাইছিল৷ যাৰ বাবে সংঘমিত্রাই অতিষ্ঠ হৈ সন্তানসহ পিতৃ গৃহলৈ গুচি আহিছিল৷ সংঘমিত্রাৰ ওপৰত হোৱা এনে অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা লৈ নাজিবুৰক জেললৈ পঠাইছিল৷ জেলৰ পৰা ওলাই আহিয়েই নাজিবুৰে এই নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰে৷ অন্যহাতে নাজিবুৰৰ বিৰুদ্ধে সেই সময়ৰ ঘটনাৰ তদন্তকাৰী আৰক্ষী বিষয়াই ড্রাগচৰ বিষয়টোক লৈ গুৰুত্ব প্রদান নকৰি এই সম্পর্কীয় কোনো তদন্ত নকৰাৰ ফলতে আজিৰ এই ঘটনা সংঘটিত হব পালে৷ ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে পূর্বৰ গোচৰৰ তেতিয়াৰ তদন্তকাৰী বিষয়াৰ ভূমিকাক লৈ অসন্তুষ্টি প্রকাশ কৰে৷ তেওঁ আৰু কয় যে পূর্বতে দুটা ধর্মৰ মাজৰ যুৱক–যুৱতীৰ স্পেচিয়েল মেৰেজ এক্ট মতে হোৱা বিবাহত কোনেও নিজৰ ধর্ম সলনি নকৰাকৈ আদালতত বিবাহ সম্পন্ন কৰাৰ বিপৰীতে আজিকালি অনেক ক্ষেত্রত ধর্ম সলনি কৰাৰ পূর্ব চর্তত বিবাহ কার্য সম্পন্ন হোৱা দেখা যায়৷ কাজীৰ জৰিয়তে সংঘমিত্রাৰ সৈতেও নাজিবুৰৰ সম্পন্ন হোৱা বিবাহ কার্যৰ কোনো আইনসংগত বৈধতা নাই বুলিও মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ ইফালে সাংবাদিকৰ প্রশ্ণৰ উত্তৰত সঞ্জীৱ ঘোষৰ পৰিয়ালৰ একমাত্র জীৱিত সদস্য অংকিতা ঘোষৰ সন্দর্ভত গোলাঘাটৰ বিধায়িকা তথা মন্ত্রী অজন্তা নেওগে প্রয়োজনীয় ব্যৱস্থা লব বুলি কয়৷

হত্যাকাৰী নাজিবুৰৰ মাতৃক আটক

গোলাঘাটৰ ত্রিপল মার্ডাৰ হত্যাকাণ্ডৰ সন্দর্ভত তদন্তৰ বাবে আজি সন্ধিয়া ভাগত হত্যাকাৰী নাজিবুৰৰ মাতৃ চালেহা বেগমক তেওঁৰ গোলাঘাট নগৰৰ ইছলামপট্টিৰ ঘৰৰ পৰা আটক কৰি গোলাঘাট সদৰ থানালৈ আনে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত চালেহা বেগমক সোধ–পোছ অব্যাহত ৰাখিছে৷

হত্যাকাৰী নাজিবুৰৰ ফাঁচfৰ দাবীত সমদল

গোলাঘাটত সংঘটিত ত্রিপল মার্ডাৰ ঘটনাৰ বুজ লবলৈ আজি মুখ্যমন্ত্রী ডঙ্ম হিমন্ত বিশ্ব শর্মা গোলাঘাটত উপস্থিত হোৱাৰ দিনাই প্রৱল ধুমুহা–বৰষুণকো আওকাণ কৰি হত্যাকাণ্ডত জডিতক ফাঁচীৰ দাবীত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে৷ গোলাঘাট সচেতন নাগৰিক মঞ্চৰ উদ্যোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্রৰ পৰা উলিওৱা এই সমদলত পুৰুষ–মহিলা সমন্বিতে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ নাজিবুৰক ফাঁচী দিয়ক, উচ্চ পর্যায়ৰ তদন্ত ঘোষণা কৰক, লাজ জেহাদ নচলিব আদি শ্লোগান দি সমদলটো সমন্বয় ক্ষেত্রৰ পৰা টোকানি চার্কোল হৈ বজাৰৰ মাজেৰে আহি উপায়ুক্ত কার্যালয়ৰ সমীপত উপস্থিত হৈ বিক্ষোভ প্রদর্শন কৰে৷ প্রতিবাদকাৰীসকলে গোলাঘাটৰ ত্রিপল মার্ডাৰ ঘটনা সন্দর্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধান আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ ওচৰত দিয়া ভাষ্যত জঘন্য এই ঘটনাটো লঘু কৰাৰ প্রচেষ্টাৰ উচিত তদন্তৰ ব্যৱস্থা কৰা, মূল অভিযুক্তৰ লগতে এই ঘটনাত জডিত সকলোকে বিচাৰ কৰি শাস্তি প্রদানৰ ব্যৱস্থা কৰা, অংকিতা ঘোষৰ জীৱনৰ নিৰাপত্তা সুনিষ্চিত কৰাৰ লগতে শিক্ষা–সংস্থাপনৰ ব্যৱস্থা কৰা আদিকে ধৰি আঠটা দাবীক লৈ সংগঠনটোৰ সভাপতি অভিজিত নাথ আৰু সম্পাদক প্রতিলা বর্মন স্বাক্ষৰিত এক স্মাৰক পত্র উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ প্রেৰণ কৰে৷ উল্লেখ্য, প্রচণ্ড বৰষুণত তিতি স্বয়ং জিলাৰ উপায়ুক্তই ওলাই গৈ প্রতিবাদকাৰীসকলক্ সাক্ষাৎ কৰি স্মাৰক পত্র গ্রহণ কৰে৷

প্ৰেৰক দিগন্ত কুমাৰ বৰা

You might also like