নিয়মীয়া বাৰ্তা ১৭ জুনঃ ৰাজ্যত ক’ভিড–১৯ক লৈ শংকা–আতংক বিৰাজ কৰি থকাৰ সময়তে মঙলবাৰে পুনৰ ২০১জনৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ৷ মঙলবাৰে ৰাজ্যখনত ২০১গৰাকী লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিপৰীতে মুঠ ২০৬গৰাকী লোকে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ৰিলিজ লাভ কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে প্রকাশ কৰা অনুসৰি মুঠ ২০৬গৰাকী লোকৰ দেহত ক’ভিডৰ নিগেটিভ ৰিপ’ট অহাৰ পৰিপ্রেক্ষিতত তেওঁলোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ তেওঁলোক মহেন্দ্র মোহন চৌধুৰী হাস্পতালকে ধৰি বিভিন্ন স্থানৰ চিভিল হাস্পতাল, জিলা হাস্পতাল আৰু মডেল হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ মঙলবাৰে ২০৬গৰাকী লোক সুস্থ হৈ ঘৰলৈ ওভতাৰ লগে লগে ৰাজ্যখনত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ২,৪১১গৰাকীলৈ বৃদ্ধি পালে৷ এই মুহূর্তলৈ ৰাজ্যখনত মুঠ ৪,৫১০গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ বর্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২,০৮৮গৰাকী৷ আনহাতে, মঙলবাৰে মুঠ ২০১গৰাকী লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হয়৷ দিনৰ ভাগত আক্রান্ত ১০গৰাকীৰ ভিতৰত ৩গৰাকী ধেমাজিৰ, ৩গৰাকী ওদালগুৰিৰ, ২গৰাকী শোণিতপুৰৰ, ১গৰাকী নগাঁৱৰ আৰু ১গৰাকী হোজাইৰ৷ ইফালে স্বাস্থ্য বিভাগে আজি এক জাননীযোগে বিমানযোগে একেলগে অহা স্বামী–স্ত্রী, স্বামী–স্ত্রী–সন্তান আৰু স্বামী–স্ত্রী–পিতৃ–মাতৃ ক্ষেত্রত আনুষ্ঠানিক কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থাৰ শিথিলতা ঘটাই হোম কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা কৰিছে৷ নতুন নির্দেশনা অনুসৰি বিমানবন্দৰত নমাৰ পাছত তেওঁলোকে ছোৱাব প্রদানকে ধৰি যাৱতীয় স্বাস্থ্য পৰীক্ষাৰ অন্তত ১৪ দিনৰ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব৷
পাণ্ডুৰ কনটেইনমেণ্ট জ’নৰ ব্যক্তিৰ মৃত্যু
ৰাজ্যজুৰি ক’ৰোনাৰ আতংক অব্যাহত থকাৰ সময়তে মহানগৰীৰ পাণ্ডুৰ কনটেইনমেণ্ট জ’নত এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে কনটেইনমেণ্ট জ’ন ঘোষণা কৰা পাণ্ডুৰ লক’ কলনীৰ ছাফাৰ আলীৰ যোৱানিশা মৃত্যু হয়৷ দীর্ঘদিনে কর্কট ৰোগত আক্রান্ত হৈ আছিল আলী৷ কিছুদিন পূর্বে তেওঁ চিকিৎসাৰ বাবে আহিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ৷ অৱশ্যে সেই সময়ত তেওঁৰ ছোৱাবৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰা হৈছিল৷ আলীৰ ক’ৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল৷ চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ আহিবলৈ অনুমতি দিয়া হৈছিল৷ কালি নিশাৰ ভাগত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু মৃত্যু হয়৷ পৰৱর্তী সময়ত জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়৷ তেওঁলোকে এইক্ষেত্রত গ্রহণ কৰিবলগীয়া যাৱতীয় ব্যৱস্থাসমূহ গ্রহণ কৰে৷
গোলাঘাট চিকিৎসালয়ত কর্মৰত দুই চিকিৎসাকর্মী পজিটিভ
সাম্প্রতিক সময়ত ক’ৰোনা ভাইৰাছে সমগ্র দেশ তথা ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতো একাংশ কাণ্ডজ্ঞানহীন লোকৰ অবিবেচক কাণ্ডৰ বাবে সম্প্রতি তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা প্রশাসন৷ মানৱসেৱাৰ নাম লৈ টকা ঘটাৰ আহিলা হিচাপে গঢ় লোৱা গোলাঘাটৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ অবিবেচক কাণ্ডৰ বাবে বর্তমান চিকিৎসালয়খনত থকা ৰোগী, আত্মীয়সহ স্বাস্থ্যকর্মীকে ধৰি চিকিৎসালয়খনলৈ অহা–যোৱা কৰা সকলো লোককে অহা–যোৱা নিষিদ্ধ কৰি ৰাখিবলগীয়া হৈছে৷ গোলাঘাট নার্ছিং হোম নামৰ ব্যক্তিগত চিকিৎসা প্রতিষ্ঠানখনে চৰকাৰীভাৱে নিয়োজিত একাংশ স্বাস্থ্যকর্মীক অতিৰিক্ত সময়ৰ বাবে নিয়োগ কৰাৰ ফলতেই সম্প্রতি আতংকৰ অন্য নাম হৈ পৰিছে গোলাঘাট নার্ছিং হোম৷ উল্লেখ্য যে গোলাঘাট ক’ভিড–১৯ হাস্পতালত কর্মৰত প্রাঞ্জল বৰা আৰু ৰিতুৰাজ টাৰ নামৰ দুজন লেবৰেটৰী টেকনিচিয়ানৰ দেহত কালি ক’ভিড–১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পাছতে হাহাকাৰ সৃষ্টি হয় গোলাঘাট জিলাত৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ ছোৱাব সংগ্রহৰ দায়িত্বত থকা দুই লেবৰেটৰী টেকনিচিয়ানক স্বাস্থ্য বিভাগে গোলাঘাট ক’ভিড–৯ হাস্পতালৰ এটা কোঠাত ভর্তি কৰি ভাষ্য গ্রহণ কৰাৰ পাছতে হাহাকাৰ সৃষ্টি হয় গোলাঘাটৰ স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনৰ মাজত৷ কিয়নো যোৱা ১৪ জুনত দুজন লেবৰেটৰী টেকনিচিয়ানে বহিঃৰাজ্যৰ পৰা অহা লোকৰ ছোৱাব সংগ্রহ কৰি গোলাঘাট নগৰৰ চান্দমাৰিস্থিত ডাঃ চন্দন বৰঠাকুৰৰ ব্যক্তিগত চিকিৎসালয় ‘গোলাঘাট নার্ছিং হোম’ত লেবৰেটৰী টেকনিচিয়ান হিচাপে কর্ম সম্পাদন কৰাৰ ফলত চিকিৎসালয়ত ভর্তি থকা গর্ভৱতী মহিলা, সদ্যোজাত শিশু, প্রসূতি আদিকে ধৰি অন্যান্য ৰোগীৰ সৈতে সংস্পর্শলৈ আহিছিল৷ দুই লেবৰেটৰী টেকনিচিয়ানৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পাৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে গোলাঘাট নার্ছিং হোমত এক আতংকই বিৰাজ কৰে৷ আজি পুৱাৰ ভাগত গোলাঘাট জিলা প্রশাসন, গোলাঘাট দুর্যোগ প্রশমন বিভাগ আৰু জিলা স্বাস্থ্য বিভাগসহ আৰক্ষী প্রশাসনৰ সহযোগত গোলাঘাট নার্ছিং হোম নামৰ ব্যক্তিগত চিকিৎসালয়খন নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰি চিকিৎসালয়ত কর্মৰত চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মীসহ ৰোগীৰ আত্মীয়ক উক্ত চিকিৎসালয়তে আবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়৷ লগতে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে চিকিৎসালয়খনলৈ সংস্পর্শলৈ অহা লোকৰ দেহত ক’ভিড–১৯ পৰীক্ষাৰ বাবে ছোৱাব সংগ্রহ কৰে৷ সেই অনুসৰি চিকিৎসালয়খনৰ স্বত্বাধিকাৰ ডাঃ চন্দন বৰঠাকুৰকে ধৰি ৫গৰাকী চিকিৎসক, ৭৩গৰাকী স্বাস্থ্যকর্মী আৰু ৩৪গৰাকী ৰোগীক ক’ভিড–১৯ পৰীক্ষাৰ বাবে ছোৱাব সংগ্রহ কৰিছে৷ ইয়াৰ উপৰি ৰোগীৰ আত্মীয়কে ধৰি আন বহু লোকৰ ছোৱাব সংগ্রহ কৰা হ’ব বুলি জানিব পৰা গৈছে৷ স্মর্তব্য যে গোলাঘাটৰ একমাত্র উন্নতমানৰ ব্যক্তিগত চিকিৎসালয় গোলাঘাট নার্ছিং হোমৰ এনে কাণ্ডজ্ঞানহীন কর্মই সচেতন মহলৰ চকু কপালত তুলিছে৷ কিয়নো ব্যক্তিগত চিকিৎসালয়খনে ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ ক’ভিড–১৯ নীতি সম্পূর্ণৰূপে উলংঘন কৰি আহিছে৷ প্রাপ্ত অভিযোগ অনুসৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবৰ বাবে যোৱা ২২ মার্চৰ পূর্বেই সমগ্র দেশত চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠানত স্থাপন কৰা পার্কিং মেচিন বন্ধ কৰি ৰাখিবৰ বাবে নির্দেশ দিয়াৰ পাছতো চিকিৎসালয়খনৰ কর্তৃপক্ষই আজিপর্যন্ত উক্ত মেচিনেৰে কর্মচাৰীৰ উপস্থিতি গ্রহণ কৰি আহিছিল৷ সেইদৰে ক’ভিড–১৯ ভাইৰাছৰ এই যুঁজত প্রত্যক্ষভাৱে থকা স্বাস্থ্যকর্মীক ব্যক্তিগত প্রতিষ্ঠানত কাম কৰাত নিষেধাজ্ঞা জনোৱাৰ পাছতো জিলা ক’ভিড–১৯ চিকিৎসালয়ৰ দ্বাৰা স্বাস্থ্য বিভাগৰ নিয়োজিত ছোৱাব সংগ্রহকাৰী দুই লেবৰেটৰী টেকনিচিয়ানক গোলাঘাট নার্ছিং হোম কর্তৃপক্ষই ব্যক্তিগতভাৱে নিয়োজিত কৰি এক ভয়ংকৰ দিশলৈ ঠেলি দিছে জিলাখনৰ সর্বসাধাৰণ জনতাক৷ কেৱল এয়াই নহয়, গোলাঘাট জিলা উপায়ুক্তই আজি গঠন কৰি দিয়া তদন্ত সমিতিখনে তীক্ষ্ণ দৃষ্টি ৰাখিলে বহুকেইটা দিশত ক’ভিড–১৯ নীতি উলংঘা কৰা পৰিলক্ষিত হ’ব৷ কিন্তু তদন্ত সমিতিখনে কেনেদৰে তদন্ত প্রক্রিয়া আৰম্ভ কৰে, সেয়া পৰৱর্তী পর্যায়ত উল্লিখিত হ’ব৷ আনহাতে, গোলাঘাট নগৰৰ ২নং কুমাৰপট্টিত সংঘটিত হৈছে ক’ৰোনাৰ সংক্রমণৰ ঘটনা৷ জানিব পৰা মতে, নগৰৰ ২নং কুমাৰপট্টিৰ এগৰাকী যুৱতী অলপতে বহিঃৰাজ্যৰ পৰা ঘৰলৈ আহিছিল৷ গোলাঘাটৰ স্বাস্থ্য বিভাগে যুৱতীগৰাকীৰ ছোৱাব সংগ্রহ কৰি ক’ভিড–১৯ নীতি অনুসৰি কঠোৰভাৱে হোম কোৱাৰেণ্টাইনৰ নির্দেশ দিয়ে৷ পাছত যুৱতীগৰাকীৰ ক’ভিড–১৯ পজিটিভ বুলি চিনাক্ত হোৱাত চিকিৎসালয়ত ভর্তি কৰোৱা হয় আৰু লগতে যুৱতীগৰাকীৰ পৰিয়ালটোৰ ছোৱাব সংগ্রহ কৰাৰ পাছত যুৱতীৰ বৰদেউতাক আৰু ভগ্ণীৰ দেহত মাৰাত্মক ক’ভিড–১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে৷ জিলা প্রশাসন তথা স্বাস্থ্য বিভাগে তৎপৰতাৰে দুই পজিটিভ ৰোগীক চিকিৎসালয়লৈ প্রেৰণ কৰাৰ লগতে ক’ৰোনাৰ গণসংক্রমণৰ সন্দেহ কৰি ২নং কুমাৰপট্টি অঞ্চলটো নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰে৷ জানিব পৰা মতে, বহিঃৰাজ্যৰ পৰা অহা যুৱতীগৰাকীৰ সৈতে পৰিয়ালৰ লোকৰ অধিক সংস্পর্শলৈ অহাৰ বাবেই এই ঘটনা ঘটিবলৈ পালে৷
নগাঁৱত সুস্থতাৰ হাৰ ৪১.০৮ শতাংশ
নগাঁও জিলাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে সুস্থ হোৱা লোকৰো সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ আজি নতুনকৈ ১১গৰাকী সুস্থ হৈ উঠাত স্বাস্থ্য বিভাগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়ে৷ ইয়াকে লৈ জিলাখনৰ ১৪৫গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে৷ জিলাখনত ক’ভিড ৰোগীৰ সুস্থতাৰ হাৰ ৪১.০৮ শতাংশ৷ আনহাতে, আজি জিলাখনত নতুনকৈ ৪গৰাকী লোকৰ শৰীৰত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰে৷ মহাৰাষ্ট্রৰ পৰা অহা কচুৱা বৰুণগুৰিৰ বিজয় বিশ্বাস (১৮), কামপুৰ লিলিপাৰৰ বিজন দাস (২৪), চামগুৰি পদুমনিৰ লহেশ্বৰ নাথ (৩৮) আৰু গুজৰাটৰ পৰা অহা কামপুৰ ৩নং চিতলমাৰীৰ ভৰত দাস (২৮)৷ আজিকে ধৰি যোৱা তিনিটা দিনত নগাঁৱত মহাৰাষ্ট্রৰ পৰা অহা ৫১জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ এতিয়ালৈ জিলাখনত ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা ৩৫৩৷ বর্তমান ২১৩গৰাকী চিকিৎসাধীন হৈ আছে৷
জুৰীয়াত পুনৰ ৯গৰাকী আক্রান্ত
যোৱানিশা নগাঁও জিলাৰ জুৰীয়াত মুঠ ৯গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হয়৷ এই লোকসকল বহিঃৰাজ্য মহাৰাষ্ট্র আৰু দিল্লীৰ পৰা অহা৷ কোৱাৰেণ্টাইন কেন্দ্রত থকা অৱস্থাতে তেওঁলোকৰ ৰোগ ধৰা পৰে৷ আটাইকেইগৰাকীকে ইতিমধ্যে নগাঁও ক’ভিড হাস্পতালত ভর্তি কৰোৱা হৈছে৷
শোণিতপুৰত নতুনকৈ ৫গৰাকীৰ দেহত ক’ভিড–১৯
মঙলবাৰে শোণিতপুৰ জিলাত নতুনকৈ পুনৰ ৫গৰাকীকৈ লোকৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছে৷ তেওঁলোক হৈছে– কেৰালাৰ পৰা অহা ২নং মিছামাৰীৰ ধনমাৰীৰ সুমন দাস (১৮), চেন্নাইৰ পৰা অহা বাতাছীপুৰৰ ৰবি বসুমতাৰী (২১), বাংগালুৰুৰ পৰা অহা অকাবস্তি মিৰি গাঁৱৰ সুৰজ ভক্ত (২৫), চিতলমাৰীৰ পৰিমল মণ্ডল (২১) আৰু ৰাজস্থানৰ পৰা অহা ৰঙাপৰাৰ তনয়া আগৰৱালা (১৯)৷ তনয়া আগৰৱালাৰ ৰোগ হোম কোৱাৰেণ্টাইনত থকা অৱস্থাত ধৰা পৰাৰ বিপৰীতে বাকীকেইগৰাকীৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা অৱস্থাতেই ৰোগ ধৰা পৰে৷ আটাইকেইগৰাকীকে চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷
দৰঙত নতুনকৈ ২২গৰাকীৰ দেহত ক’ভিড–১৯
দৰং জিলাত নতুনকৈ ২২গৰাকীৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছে৷ তেওঁলোক হৈছে– দলগাঁও খুঁটিৰ নুৰ ছাজিদা নাছৰিন (২০), বালিগাঁৱৰ ছাফিকুল ইছলাম (২০), নমাটিৰ ৰামিজ আলী (১৯), বালিপোটাৰ সঞ্জয় নাথ (২২), দেৱানন্দ সত্রৰ ধনমণি ডেকা (২২), নদীকাষৰ তফিকুল ইছলাম (১৮), নমাটিৰ মহম্মদ আব্দুল্লা (২১), গংগাপুখুৰীৰ জয়দুল ইছলাম (২৪), বৰুৱাঝাৰৰ মোজামিল হক (২০), দলগাঁৱৰ আমিনুল ইছলাম (২০), জংগলপাৰাৰ শ্বেখ ফৰিদ (১৮), পাৰিয়াপাৰাৰ জেৰিফা খাতুন (১৯), ঔতলাৰ টুটুমণি শইকীয়া (২৪), বালিগাঁৱৰ আজিজুল হক (২০), আবিদুল হক (২১), গৰাঘাটৰ তিলক ছেত্রী (২১), ১নং টাংনীঝাৰৰ আব্দুল কৰিম (১৮), বালিগাঁৱৰ বিকী বিল্লাল (১৯), অমৰজ্যোতি ৰাজবংশী (২৩), বিমল বর্মন (২৭), চিমাংশু বড়ো (২২) আৰু মোৱামাৰীৰ খবিৰ আলী (২৩)৷ ইয়াৰ লগে লগে জিলাখনত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৯৪গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে, আজি সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ৩৩গৰাকীক ৰিলিজ দিয়া হৈছে৷
চিৰাঙত মুম্বাইৰ পৰা অহা দুই যুৱকৰ দেহত ক’ভিড–১৯
চিৰাং জিলাৰ বিজনীৰ দুজন যুৱকৰ দেহত আজি ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰে৷ মুম্বাইত হোটেল বয় হিচাপে কাম কৰা এই যুৱক দুজন হৈছে বিজনীৰ বাঘমাৰাৰ গোবিন্দ বিশ্বাস (২০) আৰু ১নং বিষ্ণুপুৰৰ আশাপূর্ণ দাস (২৯)৷