নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুৰাধা ছবিগৃহৰ সোণালী জয়ন্তী, মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত থাকি চালে ‘মিডনাইট ছং’ৰ প্ৰিমিয়াৰ শ্ব’

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ অসমৰ অন্যতম ছবিগৃহ অনুৰাধা ছবিগৃহই ভৰি দিলে সোণালী বৰ্ষত। ১৯৭১ চনৰ ১ জানুৱাৰীত স্থাপন কৰা এই ছবিগৃহৰ স্বৰ্ণ জয়ন্তীত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সোণালী জয়ন্তীৰ অনুষ্ঠান ১ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ৰোনাৰ বাবে পিছুৱাই আজি ২৭ জানুৱাৰীত উদযাপন কৰা হয়। ক’ৰোনাৰ লকডাউনৰ পিছত প্ৰথমবাৰৰ বাবে সোণালী জয়ন্তী বৰ্ষ উদযাপনেৰে মুকলি কৰা অনুষ্ঠানত অৰুণজিৎ বৰা পৰিচালিত ছবি ‘মিডনাইট ছং’ৰ প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰে মুখ্যমন্ত্ৰীয়ে।

সোণোৱালৰ লগতে উপস্থিত থাকে ৰাজনৈতিক-সাংস্কৃতিক জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখ্য, ক’ৰোনা মহামাৰীৰ প্ৰভাৱৰ পাছত ছবিগৃহত মুক্তি পাব লগা প্ৰথমখন অসমীয়া ছবি ‘মিডনাইট চং’ ২৯ জানুৱাৰীত মুক্তি দিয়া হ’ব।

ক’ভিড প্ৰটোকল ৰক্ষা কৰি সকলোৱে ছবিগৃহত উপভোগ কৰিব পাৰিব ছবিখন। মুখ্যমন্ত্ৰী সোণোৱালে আজি অনুষ্ঠানত উপস্থিত থাকি নিজৰ অনুভৱ টুইটযোগে উল্লেখ কৰে এনেদৰে- ‘সোণালী জয়ন্তী উদযাপন কৰা গুৱাহাটীৰ অনুৰাধা চিনেপ্লেক্সত আজি চিনেপ্ৰেমীসকলৰ সৈতে ‘Midnight Song’ অসমীয়া চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰত উপস্থিত থাকি বৰ ভাল লাগিল। প্ৰায় ৮৬ বছৰীয়া পুৰণি অসমীয়া চলচ্চিত্ৰ উদ্যোগটো পুনৰুজ্জীৱিত হোৱাটো আমাৰ সকলোৰে বাবে অতিকৈ আশাৰ বতৰা। এই ছেগতে ‘Midnight Song’ আৰু অনুৰাধা চিনেপ্লেক্সক মোৰ আন্তৰিক শুভকামনা জনাইছোঁ।’

You might also like