নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Golden langur : দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বঙাইগাঁৱত নিৰ্মাণ ওলোমা দলং

Golden langur :  দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে প্ৰকৃতিপ্ৰেমী লোক আৰু স্থানীয় ৰাইজৰ সহযোগত সোণালী বান্দৰৰ বাসস্থান কাকৈজানা অঞ্চলত গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। সেয়া হ’ল ১১৭নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সোণালী বান্দৰে নিৰাপদে পাৰ হ’বলৈ ওলোমা দলং নিৰ্মাণ কৰিছে।

দীৰ্ঘদিনধৰি জিলাখনৰ কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে সোণালী বান্দৰ পাৰ হৈ যোৱাৰ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছিল। তাৰ পিছতেই প্ৰকৃতিপ্ৰেমী ৰাইজে গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিবাদৰ পিছতে তৎপৰ হৈ পৰে বঙাইগাঁও জিলা প্ৰশাসন।

প্ৰতিবাদৰ পিছত বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকে উক্ত স্থানসমূহ পৰিদৰ্শন কৰি ৬টা স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সোণালী বান্দৰ নিৰাপদে পাৰ হ’ব পৰাকৈ ওলোমা দলং নিৰ্মাণ কৰি দিয়ে।

এতিয়া সোণালী বান্দৰৰ দল নিৰাপদে পথৰ বহু ওপৰত নিৰ্মাণ কৰি দিয়া ওলোমা দলঙেৰে পাৰ হয়। এই মোহনীয় দৃশ্য চাবলৈ বহু মানুহে এতিয়া ৰৈ থাকে।

Niyomiya Barta Desk, 24 August

You might also like