নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্ত বাইকত ৰাহুল গান্ধীলৈ যুৱকে যাচিলে চুমা, ভিডিঅ’ ভাইৰেল

🔹 নিৰাপত্তাৰক্ষীয়ে যুৱকক শোধালে পূৰ্ণহতীয়া চৰ

নিউজ ডেস্ক, ২৪ আগষ্ট : ভোটাৰৰ স্বাৰ্থ ৰক্ষাৰ বাবে নতুন যাত্ৰাত দেওবাৰে নামিছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কিন্তু সেই যাত্ৰাত ৰাহুল গান্ধীক মৰম দেখুৱাই বিপদত পৰে এজন যুৱক ! দেওবাৰে বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক সাবটি ধৰি চুমা যাচিলে যুৱকজনে। ৰাহুল গান্ধীক সাবটি ধৰি চুমা যচাৰ ভিডিঅ’ সম্প্ৰতি নেট দুনিয়াত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে দেওবাৰে পুৱাই বিহাৰৰ পূৰ্ণিয়াত লোকসভাৰ বিৰোধী নেতাই উলিয়ায় এক বাইক সমদল। এই বাইক সমদলৰ সময়ত ৰাহুলে নিজেই বাইক চলাইছিল, পিছৰ ছিটত বহিছিল বিহাৰ কংগ্ৰেছৰ সভাপতি ৰাজেশ কুমাৰ। প্ৰচণ্ড জনসমাগমৰ মাজত বাইকখন চলাই থকা অৱস্থাত ৰাহুলৰ হাতত ধৰা দেখা যায় উদ্যমী জনতাক। এনে সময়তে এজন যুৱকে সমদলত প্ৰৱেশ কৰে। যুৱকজনে নিৰাপত্তাৰক্ষীৰ বেহু ফালি ৰাহুলৰ চলন্ত বাইকৰ ফালে দৌৰি গৈ বাইকত উঠি থকা ৰাহুলক ধৰি বাঁওগালত চুমা দিয়াৰ চেষ্টা কৰে। ইয়াৰ পিছতে যুৱকজনে পলায়নৰ চেষ্টা কৰে। কিন্তু লগে লগে য়ুৱকজন কংগ্ৰেছ সাংসদগৰাকীৰ নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰে। ভাইৰেল ভিডিঅ’টোত নিৰাপত্তাৰক্ষীয়ে যুৱকজনক চৰ শোধোৱা দেখা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, সমদলৰ সময়ত বাৰে বাৰে ৰাহুলৰ কাষ চাপি আহিছিল সাধাৰণ জনতা। কেইবাবাৰো ৰাহুলক সাবটি ধৰিছিল, সেই দৃশ্যও কেমেৰাত বন্দী হৈছে। অৱশ্যে বাইক সমদলৰ সময়ত নিৰাপত্তা প্ৰদান কৰাটো সদায় এটা সমস্যা। কাৰণ নিৰাপত্তাৰক্ষীৰ বাবে বাইকৰ গতিৰ লগত খাপ খোৱাটো কাৰ্যতঃ অসম্ভৱ। ইয়াৰ মাজতে এজন যুৱকে ৰাহুলক সাবটি ধৰি চুমা যাচে। এই ঘটনাই নেট দুনিয়াত আলোড়ন তুলিছে।

You might also like