নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএলৰ কর্মচাৰীৰ বাবে সুখবৰ

🔹 ১ জুলাইৰ পৰা ৪ শতাংশ ডিএ বৃদ্ধি

🔹 দীপাৱলীৰ পূর্বে জুলাইৰ পৰা অক্টোবৰলৈ বকেয়া

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰ : অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ কর্মচাৰী–পেন্সনাৰ্ছৰ বাবে সুখবৰ৷ চলিত বর্ষৰ ১ জুলাইৰ পৰা কার্যকৰী হোৱাকৈ কর্মচাৰী–পেন্সনাৰ্ছৰ মৰগীয়া বানচ (ডিএ) ৪ শতাংশ বৃদ্ধি কৰা হৈছে৷ এই সন্দর্ভত এপিডিচিএলৰ তৰফৰ পৰা এএছইবি/পিচি/৩১/২০১০/পার্ট–১/১০২ নম্বৰৰ এক আনুষ্ঠানিক নির্দেশনা জাৰি কৰা হয়৷ নির্দেশনাত উল্লেখ কৰা অনুসৰি, বিগত জুলাইৰ পৰা চলিত অক্টোবৰ মাহলৈ বকেয়া ডিএ কর্মচাৰী–পেন্সনাৰ্ছে আগন্তুক দীপাৱলীৰ পূর্বে লাভ কৰিব৷ সেইদৰে নৱেম্বৰৰ ডিএ মাহটোৰ দৰমহাৰ সৈতে ডিচেম্বৰত পাব আৰু অনুৰূপ প্রক্রিয়া অব্যাহত থাকিব পৰৱর্তী প্রত্যেক মাহৰ ক্ষেত্রত৷ এতিয়া এপিডিচিএলৰ কর্মচাৰী–পেন্সনাৰ্ছৰ ডিএৰ হাৰ হ’ব প্রতি মাহৰ বেছিক দৰমহাৰ ৪৬ শতাংশ৷

You might also like