বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰঃ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ে ২০ ডিচেম্বৰত মহাৰজত জয়ন্তীত ভৰি দিব। সেই উপলক্ষে ২০ আৰু ২১ ডিচেম্বৰত বৰ্ণাঢ্য় কাৰ্যসূচীৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা ভিন্ন কাৰ্যসূচীত সকলোৰে অংশগ্ৰহণ একান্তই কামনা কৰিছে। সেই অনুসৰি ২০ ডিচেম্বৰৰ পুৱা ৭৫ খন পতাকা উত্তোলন কৰা হব যত উপস্থিত থাকিব ৰাজ্যৰ ৭৫জন বৰেণ্য ব্যক্তি। ইয়াৰ ভিতৰত আছে কেপ্তেইন ৰবীন বৰদলৈ, পদ্মশ্ৰী ডঃ ইলিয়াছ আলী, অসম সাহিত্য সভাৰ পদ্মশ্ৰী ডঃ সূৰ্য হাজৰিকা, সদৌ আছু সম্পাদক শংকৰ জ্যোতি বৰুৱা, যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, অসম বিজ্ঞান সমিতিৰ সভাপতি অধ্যাপক মোহন চন্দ্ৰ কলিতা, সাংবাদিক মনোজ গোস্বামী, নিতুমণি শইকীয়া, ৰাজদীপ বাইলুং বৰুৱা, জাৰিৰ হুছেইন, উৎপল বৰুৱা, নৰেশ কলিতা, প্ৰাণজিত শইকীয়া, প্ৰণয় বৰদলৈ, অতনু ভূঞা, বিশ্বজিত দাস, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, মৃদুলা বৰুৱা, কলাক্ষেত্ৰ সমাজৰ হৈ সুদর্শন ঠাকুৰ, অসম প্ৰকাশন পৰিষদৰ প্ৰমোদ কলিতা, বিশিষ্ট সমাজকৰ্মী হৃষীকেশ গোস্বামী, শংকৰ দাস কলিতা, নেকিবুৰ জামান, অৰ্জুন বঁটা বিজয়ী নয়নমণি শয়কীয়া, অসম গৌৰৱ নমিতা কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি অধ্যাপক দিলীপ কুমাৰ কাকতি প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ নেতা তথা বিষয়-ববীয়া। লগতে পতাকা উত্তোলন কাৰ্য্যসূচীত উপস্থিত থাকিব আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ বহুকেইজন বৰেণ্য ব্যক্তি । ইয়াৰ পিছত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হব এখন মুকলি সভা যত উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা তথা অধ্যাপক ডঃ ননীগোপাল মহন্ত, বিশিষ্ট সাহিত্যিক, সুগায়ক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, আই আই টি, গুৱাহাটীৰ বিশিষ্ট বৈজ্ঞানিক তথা গীতি সাহিত্যিক ড০ অৰূপ কুমাৰ শৰ্মা । ২১ ডিচেম্বৰৰ পুৱা লতাশিল খেলপথাৰৰ পৰা জালুকবাৰীস্থিত মহাবিদ্যালয়খনলৈ কাৰ আৰু বাইক ৰেলীৰ আয়োজন কৰা হৈছে। ইয়াত অংশগ্ৰহণ কৰিব শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰী তথা প্ৰাক্তন শিক্ষাৰ্থী সমাজ। দিনত এখন ন-পুৰণি ছাত্র ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত কৰা হব আৰু নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া, যত উপস্থিত থাকিব কণ্ঠশিল্পী দীপলিনা ডেকা, বাবু বৰুৱা, ডি জে মাৰুণ, বিতু গাৰ্গ আদি। উল্লেখ্য যে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ অবিৰাম যুজঁ চলি থকাৰ সময়তে কেইগৰাকীমান স্বপ্নদ্ৰষ্টা স্বাধীনতা সংগ্ৰামীৰ অক্লান্ত প্ৰচেষ্টাত ১৯৪৮ চনত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, জালুকবাৰীৰ জন্ম হয়। প্ৰথম সময়ছোৱাত মহাবিদ্যালয়খনৰ কাম-কাজসমূহ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, চান্দমাৰীৰ পৰাই চলাই নিয়া হয় যদিও ১৯৫১ চনত মহাবিদ্যালয়খন বৰ্তমানৰ ইয়াৰ স্থান জালুকবাৰীলৈ স্থানান্তৰিত কৰা হয়। আনকি প্ৰাৰম্ভিক সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্লাছসমূহো এইখন শিক্ষানুষ্ঠানতে হৈছিল। মহাবিদ্যালয়খনৰ পৰা এতিয়ালৈকে প্ৰায় ৩০০০ চিকিৎসক উত্তীৰ্ণ হৈছে যিসকলে অসম তথা দেশৰ ভিন্ন প্ৰান্তত সেৱা আগবঢ়াই আহিছে। ২০০১ বৰ্ষত ২টা বিভাগত স্নাতকোত্তৰ শাখা খোলা হয় আৰু ২০১৪ বৰ্ষত পুনৰ নতুনকৈ ৬টা বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। বিভিন্ন প্ৰত্যাহ্বান, কষ্ট, সাধনা, পৰিশ্ৰমৰ পিছতো নিৰৱচ্ছিন্নভাবে সেৱা আগবঢ়াই অহা মহাবিদ্যালয়খনৰ লগত জড়িত প্ৰতিগৰাকী লোকৰে মন আজি উৎফুল্লিত আৰু গৌৰৱান্বিত। আনহাতে উক্ত দুয়োটা দিনতে মহাবিদ্যালয় কৰ্তৃপক্ষই সমূহ ৰাইজৰ সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে আৰু অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বিভিন্ন দিহা পৰামৰ্শৰে উপকৃত কৰিব বুলি আশা কৰিছে।