নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চৰকাৰী চিকিৎসকে

🔹 একচন মুডত স্বাস্থ্যমন্ত্রী সিংহল

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : ৰোগীক আহুকালত পেলাই চৰকাৰী চিকিৎসালয়ৰ একাংশ চিকিৎসকে উচ্চ দৰৰ ঔষধ ক্রয় কৰিবলৈ বাধ্য কৰোৱা ঘটনাৰ ক্ষেত্রত কঠোৰ হৈছে স্বাস্থ্য বিভাগ৷ এতিয়াৰে পৰা চৰকাৰী চিকিৎসালয়ত মজুত থকা ঔষধহে প্রেছক্রিপচনত লিখিব পাৰিব৷ এই কথা স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী অশোক সিংহলে৷ কৰিমগঞ্জ অসামৰিক চিকিৎসালয় পৰিদর্শনৰ সময়ত বহু ৰোগীৰ অভিভাৱকে উচ্চ দৰত বাহিৰৰ পৰা ঔষধ ক্রয়ৰ বিষয়টো স্বাস্থ্যমন্ত্রীৰ দৃষ্টিগোচৰ কৰিছিল৷ চৰকাৰী চিকিৎসালয়ত পর্যাপ্ত দৰব থকাৰ পাছতো বৃহৎ কমিছনৰ লক্ষ্যৰে একাংশ জ্যেষ্ঠ চিকিৎসকে উচ্চ মূল্যৰ দৰব ক্রয় কৰিবলৈ বাধ্য কৰায় ৰোগীক৷ চৰকাৰী চিকিৎসালয়লৈ অহা সাধাৰণ তথা দৰিদ্র ৰোগীৰ অভিভাৱকে চিকিৎসকৰ এনে প্রেছক্রিপচনক লৈয়েই চৰম আহুকালৰ সন্মুখীন হৈ আহিছে৷ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত শেহতীয়াকৈ একাংশ ৰোগীৰ অভিভাৱকক বাহিৰৰ ফার্মাচীৰ পৰা দৰব ক্রয়ৰ বাবে জ্যেষ্ঠ চিকিৎসকে দিয়া পৰামর্শক লৈ স্বাস্থ্যমন্ত্রী সিংহলৰ সন্মুখতে ক্ষোভ উজাৰিলে ৰোগীৰ অভিভাৱকে৷ মুখ্যতঃ ইয়াকে লৈ সৃষ্টি হোৱা পৰিৱেশৰ পাছতে স্বাস্থ্যমন্ত্রী অশোক সিংহলে ঘোষণা কৰে যে এতিয়াৰে পৰা চৰকাৰী চিকিৎসালয়ত মজুত থকা দৰবৰ নামহে চিকিৎসকে প্রেছক্রিপচনত লিখিব পাৰিব৷ মজুত নথকা কোনো ঔষধ বাহিৰৰ পৰা ক্রয় কৰাৰ বাবে ৰোগীৰ আত্মীয়ক পৰামর্শ অথবা হেঁচা প্রয়োগ কৰিব নোৱাৰিব৷ যদি চিকিৎসালয়ত দৰব মজুত থকাৰ পাছতো বাহিৰৰ পৰা ক্রয় কৰিবলৈ চিকিৎসকে পৰামর্শ দিয়ে, তেন্তে তেনে চিকিৎসকৰ বিৰুদ্ধে গ্রহণ কৰা হ’ব কঠোৰ ব্যৱস্থা৷ আনকি ইয়াৰ বাবে স্বাস্থ্য বিভাগে ৰোগীৰ অভিভাৱকসকলৰ বাবে এটা টোল–ফ্রী ফোন নম্বৰ মুকলি কৰিব৷ কৰিমগঞ্জত এই কথা উল্লেখ কৰাৰ লগতে স্বাস্থ্যমন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰি দিয়ে যে চৰকাৰী চিকিৎসালয়ত বর্তমান পর্যাপ্ত পৰিমাণৰ ঔষধ যোগান ধৰা হৈছে৷ প্রতিদিনে কিমানসংখ্যক আৰু কি কি ঔষধ মজুত আছে, তাৰ তালিকাও মুকলি কৰি ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷ মন কৰিবলগীয়া যে স্বাস্থ্যমন্ত্রীৰ দায়িত্ব লৈয়েই কৰিমগঞ্জত উপস্থিত হোৱা মন্ত্রী অশোক সিংহলে কালি কাটিগড়াৰ মডেল হাস্পতালত ছাডেন ভিজিট দিয়ে৷ স্বাস্থ্যমন্ত্রী অশোক সিংহলে চিকিৎসালয়খনত উপস্থিত হোৱাৰ সময়ত এজন চিকিৎসকৰ বাদে আন কোনো চিকিৎসক হাস্পতালখনত নাছিল৷ একমাত্র এজন চিকিৎসকে সকলো দিশ চোৱাচিতা কৰি আছিল৷ আনকি ডায়েলাইছিছ চেণ্টাৰত উপস্থিত নাছিল এজনো কর্মচাৰী৷ মডেল হাস্পতালৰ এই পৰিৱেশ দেখি অসন্তুষ্টি প্রকাশ কৰা অশোক সিংহলে সমগ্র বিষয়টো পৰীক্ষা কৰাৰ বাবে জিলা উপায়ুক্তক নির্দেশ দিয়ে৷

You might also like