নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ ৰাইজলৈ আহিছে এক বিশেষ সুখবৰ। জানিব পৰা মতে, ১১ আগষ্টৰ দিনা জাৰি এক নিৰ্দেশযোগে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই জিলা দুখনৰ চাৰিটাকৈ স্থানক চহৰ হিচাপে ঘোষণা কৰিছে। জানিব পৰা মতে, ধুবুৰী জিলাৰ ছাগলীয়া, আগমনি আৰু তামাৰহাটক চহৰ হিচাপে ঘোষণা কৰাৰ বিপৰীতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীক চহৰ হিচাপে ঘোষণা কৰা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী