আজি সৰস্বতীৰ পূজা; মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য । শংখ- ঘণ্টাৰ মংগলধ্বনি, আয়তীৰ উৰুলিৰে বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আগবঢ়োৱা হৈছে বৈদিক পূজা৷
ইফালে সৰস্বতীৰ পূজা উপলক্ষ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে লিখে, “মা সৰস্বতীয়ে আমাক জ্ঞান আৰু আশীৰ্বাদ দিয়ক লগতে সমাজৰ সকলো নেতিবাচকতা দমন কৰক।”
Greetings on #SaraswatiPuja.
May Maa Saraswati bless us with knowledge & wisdom and suppress all negativities. pic.twitter.com/lCkA1MNqXZ
— Sarbananda Sonowal (@sarbanandsonwal) February 16, 2021
আনহাতে বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মা সৰস্বতীক স্মৰণ কৰি লিখিছে, “জ্ঞানেই জীৱনৰ প্ৰকৃত আলোক ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীয়ে সকলোৰে জীৱন এই জ্ঞান-আলোকেৰে আলোকিত কৰি তোলক, দেৱীমাৰ কৃপাদৃষ্টি সকলোৰে শিৰত বৰষি থাকক – তাকেই কামনা কৰিলোঁ ৷ শ্ৰীশ্ৰী সৰস্বতী পূজা উপলক্ষে সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।”
माँ सरस्वती ज्ञान के प्रकाश से आपके जीवन को सदैव आलोकित करें, यही मनोकामना है।
बसंत पंचमी की हार्दिक शुभकामनायें ?
Wishes on #BasantPanchmi #BasantPanchami2021 pic.twitter.com/NH7VnNpF2p
— Himanta Biswa Sarma (@himantabiswa) February 16, 2021