নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ উদং বুকুত হিন্দু দেৱতাৰ মূৰ্তি লৈ পপ তাৰকা ৰিহানাৰ টুইট

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ আজি আমেৰিকান পপ কাৰকা ৰিহানাই টুইটযোগে কৰা নিজৰ এখন ফটোৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰা দেখা গৈছে।

এই বিতৰ্কৰ কাৰণ হৈছে ৰিহানাই গণেশৰ মূৰ্তি থকা অলংকাৰ পৰিধান কৰি উদং বুকুৰে দিয়া পোজ। দেহত কাপোৰ বুলিবলৈ পাতল বেঙুনীয়া ৰঙৰ ছৰ্টছ পৰিধান কৰা ৰিহানাৰ নাভি ঢাক খুৱাই জিলিকি আছে গণেশৰ মূৰ্তি।

এই টুইটৰ ফলত ছোচিয়েল মিডিয়াত বিশেষকৈ ভাৰতত তীব্ৰ বিতৰ্কৰ সূচনা হোৱা দেখা গৈছে।

উল্লেখ্য, মাত্ৰ কেইদিনমান আগেয়ে ৰিহানাই দিল্লীত চলি থকা কৃষক আন্দোলনক লৈ টুইট কৰিছিল। এই টুইটৰ পিছতে ভাৰতৰ অক্ষয় কুমাৰ, কংগনা ৰাণাৱট, সুনীল শেট্টীকে ধৰি বহুতে ভাৰতৰ একতা আৰু অখণ্ডতাৰ শ্লোগান দিছিল টুইটযোগে।

এই ঘটনাৰ পিছত ৰিহানাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদিও আজি গণেশৰ মূৰ্তি থকা অলংকাৰ গলত আঁৰি ৰিহানাই দিয়া অৰ্ধনগ্ন পোজ ভাৰতক কেন্দ্ৰ কৰিয়েই দিয়া বুলি চৰ্চিত হৈছে।

You might also like