নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫খন দেশত উচ্চ পদত ২০০ জন ভাৰতীয় বংশোদ্ভৱঃ সমীক্ষা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সম্প্রতি প্রকাশিত এক সমীক্ষাত কোৱা হৈছে যে  এই মুহূর্তত বিশ্বৰ প্রথম শাৰীৰ ১৫খন দেশত ৰাষ্ট্রীয় নেতাৰ পর্যায়ত আছে প্ৰায় ২০০ জন ভাৰতীয় বংশোদ্ভৱ শিক্ষা, সংস্কৃতি, বিজ্ঞান, গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতীয়সকলৰ এক পৃথক স্থান আছে। বিশ্বৰ বহুতো আগশাৰীৰ কোম্পানীৰ শীৰ্ষ পদবীত এতিয়াও আছে বহু ভাৰতীয়। শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য।

সমীক্ষাটোত কোৱা হৈছে যে এই মুহূর্তত ১৫খন দেশৰ শীর্ষস্থানীয় মন্ত্রী বা সচিবৰ তালিকাত নাম আছে ২০০ জন ভাৰতীয় বংশোদ্ভৱ। যিটো পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ।

ইপিনে এই তালিকাৰ শীৰ্ষত আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছ আছে। তালিকাত পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিও কোষ্টা, গোৱানৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান, মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ যুগনাউথ, মৰিছাছৰ ৰাষ্ট্ৰপতি পৃথ্বীৰাজসিং ৰূপুন, ব্ৰিটিছ গৃহ সচিব প্ৰীতি পেটেল দৰে উল্লেখযোগ্য নাম অন্তৰ্ভুক্ত আছে।

আনহাতে, অধ্যয়নত কোৱা হৈছে যে বৰ্তমান প্ৰায় ৩ কোটি ২০ লাখ ভাৰতীয় বংশোদ্ভৱ বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰে।

You might also like