নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিলীপ শইকীয়াক শুভেচ্ছা জনসংখ্যা সমাধান ফাউণ্ডেচনৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰৰ সুৰক্ষা আৰু ৰাষ্ট্ৰবাদৰ শিক্ষাৰে দীক্ষিত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী দীৰ্ঘদিনীয়া কাৰ্যকৰ্তা দিলীপ শইকীয়া দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাত জনসংখ্যা সমাধান ফাউণ্ডেচনে শুভেচ্ছা জনাইছে।

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এই দায়িত্ব লাভ কৰাত দলৰ মজিয়াত অসম তথা উত্তৰ-পূবে বিশেষ প্ৰাধান্য পাবলৈ সমৰ্থ হ’ব বুলি আমি আশা কৰে সংগঠনটোৱে।

এই গুৰু দায়িত্ব পোৱা অসমৰ সাংসদগৰাকীয়ে অসম তথা উত্তৰ-পূবৰ জনতাৰ মনৰ পৰা বিচ্ছিন্নতাবাদী ধ্যান-ধাৰণা সম্পূৰ্ণৰূপে নাইকিয়া কৰি অঞ্চলটোৰ সকলোকে দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি ভাৰতৰ বাকী প্ৰান্ততকৈও অধিক আগবঢ়া আৰু জাকতজিলিকা কৰি তোলাত সফল হোৱাৰ কামনা কৰে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ উত্তৰ পূৱ ভাৰত ক্ষেত্ৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে আৰু অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই।

You might also like