নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্ত্ৰধাৰীৰ ধাৰাসাৰ গুলীবৰ্ষণত আমেৰিকাত মৃত্যুৰ কিৰীলি

বিশেষ বাৰ্তা, ২৬ অক্টোবৰঃ কালি সন্ধিয়া আমেৰিকাৰ মেইনৰ লুইষ্টন চহৰত সংঘটিত গুলীচালনাত কমেও ২২জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে। লগতে স্থানীয় চিকিৎসালয়সমূহত গুলীবৰ্ষণত আহতক চিকিসা সেৱা দি থকা হৈছে। সংবাদ মাধ্যমৰ মতে, বলিং আলি আৰু আন খন স্থানীয় ৰেষ্টুৰেণ্ট আৰু বাৰত সংঘটিত গুলীচালনাৰ ফলত মৃত্যুৰ সংখ্যা ২২জনলৈ বৃদ্ধি পাইছে। উদ্ধাৰকাৰী বাহনসমূহে আহতসকলক চোৱাচিতা কৰি আছে। স্থানীয় আৰক্ষীয়ে ফেচবুকত শ্বুটাৰজনে বলিং আলিৰ ভিতৰত অৰ্ধস্বয়ংক্ৰিয় অস্ত্ৰ যেন লগা বস্তু লৈ থকা ফটো প্ৰকাশ কৰে। পিছত তেওঁলোকে ৪০ বছৰীয়া ৰবাৰ্ট কাৰ্ডৰ বাবে বুলেটিন জাৰি কৰি কয় যে গুলীচালনাৰ সন্দেহযুক্ত লোকজনক “অস্ত্ৰধাৰী আৰু বিপজ্জনক বুলি গণ্য কৰা উচিত” ঘোষণা কৰে। এই কাণ্ডত কমেও ৫০ৰ পৰা ৬০জন লোক আহত হোৱাৰ বাতৰি প্ৰকাশ পাইছে যদিও ইয়াৰে কিমানজন লোক বন্দুকৰ গুলীৰ ফলত আহত হৈছে সেয়া স্পষ্ট নহয়। স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭:১৫ বজাত এজন সক্ৰিয় শ্বুটাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰক্ষী আৰু উদ্ধাৰকাৰীসকলে স্পেয়াৰটাইম ৰিক্ৰিয়চন বলিং আলিত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে, আৰু তাৰ পিছত শ্বেমেঞ্জিছ বাৰ এণ্ড গ্ৰীলত আন এক গুলীচালনাৰ খবৰ পোৱা বুলি স্থানীয় বাতৰি কাকত ছান জাৰ্নেলত প্ৰকাশ কৰিছে।

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

You might also like