নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ ষষ্ঠ অনুসূচীৰ অন্তর্গত বিদ্যালয়সমূহৰ গুণোৎসৱৰ ফলাফল যথেষ্ট বেয়া৷ বিদ্যালয়সমূহৰ এনে নিম্নগামী ফলাফল কিয় হ’ল তাক অচিৰেই বিশ্লেষণ কৰিব শিক্ষা বিভাগে৷ এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ বডোফা উপেন্দ্র নাথ ব্রহ্মৰ ওপজা দিন ‘ছাত্র দিৱস’ উপলক্ষে অনুষ্ঠিত স্মাৰক বত্তৃণতানুষ্ঠানত অংশগ্রহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে কয় যে চিৰাং জিলাৰ গুণোৎসৱৰ ফলাফল যথেষ্ট বেয়া হৈছে৷ এই ফলাফলসমূহ বিশ্লেষণৰ প্রয়োজন আছে৷ শিক্ষা বিভাগে অতি সোনকালে ইয়াৰ এক বিশ্লেষণ আৰম্ভ কৰিব৷ আনহাতে, মাধ্যমৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে বিটিআৰৰ উত্তৰ অঞ্চলৰ চাওতাল ভাষাত শিক্ষাৰ মাধ্যম কৰা হ’ব৷ তদুপৰি পশ্চিম কার্বি আংলঙতো ভাষাৰ সমস্যা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে স্থানীয় ভাষা ক’ব পৰা শিক্ষকক এই অঞ্চলত নিযুক্তি দিয়া হ’ব৷ মাতৃভাষাত পাঠ গ্রহণ নকৰিলে ছাত্র–ছাত্রীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়৷ বিশেষকৈ বিটিআৰৰ লগতে কার্বি আংলং তথা ডিমা হাছাও এলেকাত স্থানীয় ভাষাত শিক্ষাদান কৰাৰ যথেষ্ট প্রয়োজন আছে৷ সেয়েহে এই বর্ষতে চাওতাল ভাষাক শিক্ষা বিভাগে মাধ্যম হিচাপে গ্রহণ কৰিব৷ একেদৰে কার্বি আংলঙৰ ডিমা হাছাওতো স্থানীয় ভাষা ক’ব পৰা শিক্ষকৰ জৰিয়তে শিক্ষাদান কৰিলে ছাত্র ছাত্রীসকল লাভৱান হ’ব৷ এই বিষয়টোও শিক্ষা বিভাগে গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷