এপিএছচি সন্দৰ্ভত গুৱাহাটী হাইকৰ্টৰ ৰায় দুৰ্ভাগ্যজনক-দুখজনক, মন্তব্য মুখ্যমন্ত্ৰীৰ
আমি নিশ্চিতভাৱে এই ৰায়ক উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান দিম আৰু অন্যায় উপায়েৰে এ পি এছ চিত নিযুক্তি পোৱা কোনো লোকক যাতে পুনৰ নিযুক্তি দিয়া নহয় তাৰ বাবে আমি শেষ মুহূর্তলৈকে যুঁজ দিম
এপিএছচি সন্দৰ্ভত গুৱাহাটী হাইকৰ্টৰ ৰায় দুৰ্ভাগ্যজনক-দুখজনক, মন্তব্য মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জুনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে উচ্চতম ন্যায়ালয়ত এ পি এছ চিৰ নগদ চাকৰিৰ কেলেংকাৰিত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ৫২জন বিষয়াক পুনৰ নিযুক্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংমণ্ডল বিচাৰপীঠৰ ৰায়ক অসম চৰকাৰে প্ৰত্যাহ্বান জনাব।
বাক্সা জিলাৰ শালবাৰীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে, “আমি নিশ্চিতভাৱে এই ৰায়ক উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান দিম আৰু অন্যায় উপায়েৰে এ পি এছ চিত নিযুক্তি পোৱা কোনো লোকক যাতে পুনৰ নিযুক্তি দিয়া নহয় তাৰ বাবে আমি শেষ মুহূর্তলৈকে যুঁজ দিম৷”
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যদিও তেওঁ সমগ্র ৰায়ৰ মাজেৰে পুংখানুপুংখভাৱে যোৱা নাই, কিন্তু ৰায়টো দুৰ্ভাগ্যজনক আৰু দুখজনক আৰু ই এক নিৰাশাৰ ভাব কঢ়িয়াই আনিছে।
মুখ্যমন্ত্রী ড০ শর্মাই কয়, ‘এ পি এছ চি সন্দর্ভত সংমণ্ডল বিচাৰপীঠৰ ৰায়টো অতি দুখজনক৷ ইয়ে আমাৰ মনত এক নিৰাশাৰ ভাব কঢ়িয়াই আনিছে৷ যি সময়ত অসমত বিশুদ্ধভাৱে যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়াৰ প্রচেষ্টা চলি আছে, সেই সময়ত এই ধৰণৰ ৰায় দুৰ্ভাগ্যজনক৷”
গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অসম লোকসেৱা আয়োগে পৰিচালনা কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (চিচিই)ত চাকৰিৰ বাবে নগদ ধন কেলেংকাৰিত জড়িত ২০১৩ আৰু ২০১৪ বেচৰ ৫৭জন অসামৰিক, আৰক্ষী আৰু মিত্ৰ সেৱাৰ বিষয়াৰ ভিতৰত ৫২জনক পুনৰ নিযুক্তি দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে।
ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীক লৈ গঠিত বিভাগীয় বিচাৰপীঠে ৰিট আপীলৰ এটা গোট শুনানি গ্ৰহণ কৰি পৰীক্ষামূলক সময়সীমা সম্পূৰ্ণ কৰা চাকৰিৰ পৰা বৰ্খাস্ত কৰা বিষয়াসকলক ৫০ দিনৰ ভিতৰত পুনৰ নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে।
আপীলকাৰীসকলে তেওঁলোকৰ সেৱাৰ পৰা বৰ্খাস্ত কৰাটো সমৰ্থন কৰি এজন ন্যায়াধীশে পূৰ্বৰ ৰায়দানক প্ৰত্যাহ্বান জনাইছিল।
উচচ ন্যায়ালয়ে ৰাজ্য চৰকাৰক আগন্তুক ৩০ দিনৰ বাবে তেওঁলোকক কোনো ধৰণৰ কৰ্তব্য অৰ্পণ নকৰাৰ লগতে প্ৰয়োজন হ’লে বিভাগীয় তদন্তৰ অনুমতি প্ৰদান কৰে। বিষয়াসকলে চাকৰিৰ পৰা বৰ্খাস্ত হৈ থকা সময়ছোৱাত কোনো ধৰণৰ দৰমহা বা বাবদ ধনৰ বাবেও যোগ্য নহ’ব।
২০১৬ চনত এ পি এছ চিৰ নগদ ধন চাকৰিৰ কেলেংকাৰি পোহৰলৈ অহাত অসম আৰক্ষীৰ তদন্তৰ সময়ত ইয়াৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পাল আৰু ৫৭জন অসামৰিক সেৱাৰ বিষয়াকে ধৰি ৭০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।