নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ একাডেমীৰ ৩১সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ এপ্ৰিলঃ ৰাজ্যখনৰ সাংবাদিকসকলৰ দক্ষতা বৃদ্ধি আৰু মান বৃদ্ধিৰ লক্ষ্যৰে ১৯৮৪ চনৰ ২ এপ্ৰিলত গঠিত গুৱাহাটী প্ৰেছ একাডেমীৰ আজি ৩১সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি কাহিলিপাৰাৰ জনকপুৰ সাংবাদিক কলনীৰ প্ৰেছ একাডেমিৰ ভূমিত উদযাপন কৰা হয়। দিৱস উপলক্ষে প্ৰেছ একাডেমীৰ পতাকা উত্তোলন কৰে প্ৰেছ একাডেমিৰ সভাপতি মধুসূদন মেধিয়ে। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা সভাত প্ৰেছ একাডেমীৰ সম্পাদক মুকুট ৰাজ শৰ্মাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে সভাপতি মধুসুদন মেধিয়ে। সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য আগবঢ়াই জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই কয় যে ৩০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে গুৱাহাটী প্ৰেছ একাডেমীৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে । এয়া সংগঠনটিৰ বাবে শুভ বাৰ্তা। এই ভূমিত শীঘ্ৰেই প্ৰেছ একাডেমি ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে বুলিও তেওঁ কয়। ইয়াত যিকেইটা মহান উদেশ্য লৈ ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে সেয়া হৈ উঠিলে অসমৰ সংবাদ মাধ্যমৰ বাবে এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈ উঠিব বুলিও তেওঁ কয়। আনহাতে সভাত ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ নৱনিৰ্বাচিত সম্পাদক তথা অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে সন্মানীয় অতিথি হিচাপে বক্তব্য আগবঢ়াই কয় যে গুৱাহাটী তথা অসমৰ নৱ প্ৰজন্মৰ বাবে প্ৰেছ একাডেমীৰ দৰে অনুষ্ঠান অতি জৰুৰী। সাংবাদিকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰেছ একাডেমিয়ে কৰ্মশালাকে ধৰি বিভিন্ন অনুষ্ঠান কৰি আহিছে । ভাষা শুদ্ধকৈ কোৱা, বাক্য শুদ্ধকৈ লিখা আৰু কোৱাৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব বুলি কৈ প্ৰেছ একাডেমীৰ ভূমিতে শীঘ্ৰেই ভৱন নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়ে। সভাত অসম বাৰ্তাজীৱী সংঘৰ প্ৰচাৰ সম্পাদক অখিল কলিতা, স্থানীয় ব্যক্তি নিলমণি চক্ৰৱৰ্তীয়েও বক্তব্য আগবঢ়ায়। সভাত গুৱাহাটী প্ৰেছ একাডেমীৰ কোষাধ্যক্ষ কিশোৰজ্যোতি শৰ্মা , অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যালয় সম্পাদক হেমন্ত বৰ্মন, ৰাজ্যিক কায্যনিৰ্বাহক সোনাধৰ ডেকা সহ বহুকেইগৰাকী সাংবাদিক আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে।

You might also like