নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেক কার্বন নির্গমনত দেশৰ ভিতৰতে শীর্ষত গুৱাহাটী মহানগৰী

🔹 দিল্লীস্থিত বিজ্ঞান–পৰিৱেশ কেন্দ্রৰ সকীয়নি

🔹বায়ুমণ্ডলৰ বিষাক্ত বায়ুৱে জনস্বাস্থ্যলৈ মাতিছে বিপদ

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : নীলা আকাশ আৰু পৰিষ্কাৰ বায়ু দেশৰ চহৰসমূহত এতিয়া দুঃস্বপ্নত পৰিণত হৈছে ৷ দেশৰ বিভিন্ন প্রান্তৰ লগতে উত্তৰ–পূবৰ ৰাজ্যসমূহৰ চহৰতো বর্ধিত বায়ু প্রদূষণৰ মাত্রাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ অসমৰ গুৱাহাটী মহানগৰীকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ চহৰ এতিয়া বিষাক্ত বায়ুৰ কবলত পৰিছে৷ দেশৰ ভিতৰত গুৱাহাটী মহানগৰীত সর্বাধিক ব্লেক কার্বন নির্গমন হয়৷ দিল্লীস্থিত বিজ্ঞান আৰু পৰিৱেশ কেন্দ্রৰ তথ্য মতে, অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ চহৰত বায়ু প্রদূষণে ভয়াৱহ ৰূপ লৈছে৷ গুৱাহাটী মহানগৰী হৈছে সর্বাধিক বায়ু প্রদূষিত চহৰ৷ বৃহৎসংখ্যক লোকে বিষাক্ত বায়ু সেৱন কৰি আহিছে৷ দেশৰ ভিতৰতেই গুৱাহাটীত ব্লেক কার্বন নির্গমন সর্বাধিক হয়৷ গুৱাহাটীৰ লগতে নগাঁও, শিলচৰ, শিৱসাগৰ আৰু নলবাৰীতো বায়ুমান নিম্নস্তৰৰ৷ অধ্যাপক শাৰদ গোখলেৰ নেতৃত্বত গুৱাহাটী আই আই টিৰ বায়ু আৰু শব্দ গৱেষণা লেব’ৰেটৰীৰ গৱেষক পণ্ডিত ৰাজেশ শর্মাই চলোৱা অধ্যয়নত গুৱাহাটী মহানগৰীত ব্লেক কার্বন নির্গমনৰ পর্যায় অধিক পাইছে৷ জীৱাশ্ম ইন্ধন দাহন বিশেষকৈ যান–বাহন, উদ্যোগ, আৱাসিক এলেকাত কেৰাচিনৰ লেম্প ব্যৱহাৰৰ বাবেই সর্বাধিক ব্লেক কার্বন নির্গমন হয়৷ ইয়াৰ পৰা ৬০ শতাংশ ব্লেক কার্বন নির্গমন হোৱাৰ বিপৰীতে জৈৱ ইন্ধন দাহনৰ পৰা ৪০ শতাংশ ব্লেক কার্বন নির্গমন হয়৷ জৈৱ ইন্ধন দাহন বিশেষকৈ আৱাসিক অঞ্চলত খৰি ব্যৱহাৰ, শস্যবর্জিত দাহন, বনজুই আদিৰ পৰা ৪০ শতাংশ ব্লেক কার্বন নির্গমন হয়৷ এক তথ্য মতে, কামৰূপ মহানগৰ জিলাৰ পৰা ২০১৮–১৯ বর্ষত ব্লেক কার্বন নির্গমন আছিল প্রায় ১৯.৩৮ জিজি৷ অপৰিকল্পিতভাৱে মুকলিকৈ গোটা আৱর্জনা দাহন কৰি থকাৰ ফলতেই মহানগৰীত ব্লেক কার্বন নির্গমন বৃদ্ধি হৈ আহিছে৷ অধিকাংশ লোকৰ সচেতনতাৰ অভাৱৰ বাবে বর্জিত সামগ্রী মুকলিকৈ দাহন কৰাৰ ফলত বিপজ্জনক ৰাসায়নিক পদার্থ আৰু ব্লেক কার্বন নির্গমন হৈ আছে৷ ৰাজ্য চৰকাৰৰ শীর্ষ সূত্রত প্রকাশ পোৱা মতে, বিশ্বৰ ভিতৰতেই সর্বাধিক ব্লেক কার্বন নির্গমনৰ অন্যতম চহৰ গুৱাহাটী৷ আই আই টি গুৱাহাটীৰ গৱেষক অর্ধেন্দু শেখৰ চৌধুৰীয়ে গুৱাহাটী মহানগৰীৰ ঘাইপথৰ গৱেষণা চলাই ব্লেক কার্বনৰ পর্যায় বিপজ্জনক বুলি পোহৰলৈ আনিছে৷ শীতকালীন প্রতি ঘন মিটাৰত ৩২ মাইক্র’গ্রাম বায়ুমণ্ডলত ব্লেক কার্বন ভৰি পৰাত উশাহ–নিশাহত কষ্ট হয়৷ মন কৰিবলগীয়া যে অধ্যাপক গোখলেই প্রকাশ কৰা মতে, অসমৰ বায়ু প্রদূষণৰ পৰিমাণ দিল্লীতকৈ ভয়াৱহ নহয় যদিও বায়ুত পি এম ১০ আৰু পি এম ২.৫ৰ পর্যায় বৃদ্ধি পোৱাটো উদ্বেকজনক৷ ই মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ আছে৷ আনহাতে, উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ পাহাৰ আৰু ভৈয়াম অঞ্চলত বায়ু প্রদূষণৰ মাত্রা উচ্চ হাৰত বৃদ্ধি পাই আছে৷ দ্রুতগতিত বৃদ্ধি পোৱা যান–বাহনৰ চলাচল, যান–জঁট আদিয়ে বায়ু প্রদূষণ বৃদ্ধি কৰি আছে৷ ইপিনে, শিলচৰৰ ইক’লজী আৰু পৰিৱেশ বিজ্ঞানৰ অধ্যাপক পার্থংকৰ চৌধুৰীয়ে প্রকাশ কৰা মতে, বায়ুমণ্ডলত প্রলম্বিত কণিকা (পি এম ১০ আৰু পি এম ২.৫) বৃদ্ধিয়ে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ মাজত শ্বাস–প্রশ্বাসজনিত অনেক ৰোগ বৃদ্ধি পাইছে৷ তেনেদৰে গুৱাহাটী মহানগৰীত বিভিন্ন আন্তঃগাঁথনিৰ নির্মাণকার্য চলি থকাৰ পৰিপ্রেক্ষিতত পি এম ১০ৰ গাঢ়তা বৃদ্ধি পাইছে৷ অৱশ্যে এই নির্মাণকার্যসমূহ সমাপন হ’লে ইয়াৰ পৰিমাণ হ্রাস পাব বুলিও বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে৷ উনুকিয়াব লাগিব যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ কাৰক হিচাপে চিহ্ণিত কার্বন–ডাই–অক্সাইডৰ পাছতেই ব্লেক কার্বনো দায়বদ্ধ৷ এনে ক্ষেত্রত ভাৰতৰ ভিতৰতে গুৱাহাটী মহানগৰীত ব্লেক কার্বনৰ নির্গমন সর্বাধিক হোৱা তথ্য উদ্বিগ্নতাৰ বিষয় হৈ উঠিছে৷

You might also like