নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ডিচেম্বৰঃ নামভর্তিৰ নামত শিক্ষার্থীৰ পৰা লোৱা উৎকোচক লৈ পুনৰ কলংকিত হ’ল ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়৷ এগৰাকী ছাত্রীৰ পৰা স্নাতকোত্তৰ শ্রেণীত নামভর্তি কৰাই দিয়াৰ বাবদ কিছুদিনৰ আগতে উৎকোচ লৈছিল বিশ্ববিদ্যালয়ৰ এজন কর্মচাৰীয়ে৷ কিন্তু ধন আদায় দিয়াৰ পিছতো নামভর্তিপর্ব সম্পূর্ণ নোহোৱাত ছাত্রীগৰাকীয়ে আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত গীতুৰাজ লহকৰ নামৰ কর্মচাৰীজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ জানিব পৰা মতে, উক্ত ছাত্রীগৰাকীৰ পৰা গীতুৰাজ লহকৰ নামৰ কর্মচাৰীজনে কিছুদিন পূর্বে নামভর্তি কৰাই দিম বুলি অনলাইনযোগে ১৮ হাজাৰ টকা লৈছিল৷ কিন্তু বহুদিন পাৰ হোৱাৰ পিছতো ছাত্রীগৰাকীৰ স্নাতকোত্তৰ মহলাত নামভর্তি সম্পূর্ণ হোৱা নাছিল৷ ছাত্রীগৰাকীয়ে এই সন্দর্ভত বাৰম্বাৰ বিশ্ববিদ্যালয়খনৰ কর্মচাৰী গীতুৰাজ লহকৰক সাক্ষাৎ কৰি সোধা–পোছা কৰিছিল যদিও ছাত্রীগৰাকীক সদুত্তৰ দিয়াৰ সলনি বিষয়টোক লৈ কথা বদলাই আছিল গীতুৰাজ লহকৰে৷ তাৰ পিছতে ভুক্তভোগী ছাত্রীগৰাকীয়ে গীতুৰাজ লহকৰৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এটা লিখিত অভিযোগ দাখিল কৰে৷ এই অভিযোগৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে গীতুৰাজ লহকৰক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে কর্মচাৰীজনক গ্রেপ্তাৰ কৰাৰ পাছতে বিশ্ববিদ্যালয় কর্তৃপক্ষই তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ কর্মচাৰীজনক চাকৰিৰ পৰা নিলম্বন কৰে৷ উল্লেখ্য যে কিছুদিন পূর্বেও পৰীক্ষাত উত্তীর্ণ কৰাই দিয়াৰ নামত এজন ছাত্রৰ পৰা উৎকোচ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন কর্মচাৰী গ্রেপ্তাৰ হোৱাৰ লগতে চাকৰিৰ পৰাও বর্খাস্ত হ’বলগীয়া হৈছিল৷