নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ লাখ পৰীক্ষা সম্পন্ন কৰিলেহে গুৱাহাটী হ’ব নিৰাপদ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ দ্রুতগতিত বৃদ্ধি পোৱা ক’ৰোনা আক্রান্তৰ সংখ্যাই গুৱাহাটী মহানগৰীৰ পৰিৱেশ জটিল কৰি তোলাৰ সময়তে ৰাজধানী চহৰখনত স্বাস্থ্য বিভাগে সম্পন্ন কৰিছে এক লাখ দহ হাজাৰজন লোকৰ ক’ভিড পৰীক্ষা৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য প্রকাশ কৰি কয়– গুৱাহাটীত দহ লাখ লোক আছে৷ অৱশ্যে ব্যৱসায়িক কেন্দ্রস্থল হোৱা হেতু বাহিৰৰ পৰা প্রতিদিনে ৭–৮ লাখ লোক গুৱাহাটীলৈ আহে৷ সেই হিচাপত সাধাৰণ অৱস্থাত গুৱাহাটীত ১৭–১৮ লাখ লোক থাকে৷ কিন্তু ক’ভিডৰ এই সময়ছোৱাত গুৱাহাটীত দহ লাখ লোক থকাটো নিশ্চিত হৈছে৷ মহানগৰখনক পূর্বৰ পৰিৱেশলৈ ঘূৰাই আনিবলৈ ৩ লাখ লোকক ক’ভিড পৰীক্ষা কৰিব লাগিব৷ অন্যথা ক’ভিডৰ পৰা গুৱাহাটী মুক্ত নহ’ব৷ ইতিমধ্যে এক লাখ দহ হাজাৰ লোকক পৰীক্ষা কৰাৰ পাছত পুনৰ এক লাখ নব্বৈ হাজাৰ লোকক পৰীক্ষা কৰিব লাগিব৷

মহানগৰীত শেহতীয়াকৈ ক’ভিড কেয়াৰ চেণ্টাৰ আৰু ক’ভিড ক্লিনিক চেণ্টাৰত পৰীক্ষা কৰি থকা হৈছে৷ যিহেতু ৩ লাখ লোকক ক’ভিড পৰীক্ষাৰ বাবে লক্ষ্য কৰি লোৱা হৈছে, সেই উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমৰ এৰিয়া সভাসমূহত ৬০টা নতুনকৈ ক’ভিড ক্লিনিক চেণ্টাৰ স্থাপন কৰা হ’ব৷ অহা ২২–২৩ জুলাইৰ পৰা এই চেণ্টাৰসমূহত ক’ভিড টেষ্ট আৰম্ভ হ’ব৷ ইয়াৰ বাবে স্বাস্থ্য বিভাগে অহা সপ্তাহৰ ভিতৰত ১৫০জন লেবৰেটৰী টেকনিচিয়ান নিযুক্তি দিব৷ মন্ত্রী ড০ শর্মাই কয়– গুৱাহাটীত তিনি লাখ পৰীক্ষা সম্পন্ন কৰিলেহে আগষ্ট মাহৰ শেষলৈ গুৱাহাটীক কিছু স্বাভাৱিক কৰিব পৰা যাব৷ লগডাউনৰ সময়ত মহানগৰখনৰ পৰিৱেশ যিমান উন্নত হ’ব বুলি ভবা হৈছিল, সিমান উন্নত হোৱা নাই৷ বিশেষকৈ আৰক্ষীৰ বেৰেক, ছাউনী আৰু কাৰাগাৰত শেহতীয়াকৈ ক’ৰোনা আক্রান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি হৈছে৷ এই ঠাইসমূহত ক’ভিড পৰীক্ষা সম্পূর্ণ কৰাৰ পাছতহে গুৱাহাটীত আক্রান্তৰ সংখ্যা কমিব পাৰে৷ তেওঁ ইয়াকো কয় যে গুৱাহাটীত লকডাউন শেষ হ’লে আৰম্ভ হ’ব আনলক–১৷ এই প্রক্রিয়াত কিছু বাধা–নিষেধাজ্ঞা থাকিব৷ স্বাস্থ্য বিভাগে ইতিমধ্যে মুখ্য সচিবক আনলকৰ সময়ছোৱাৰ কিছু পৰামর্শ আগবঢ়াইছে৷

সমান্তৰালভাৱে স্বাস্থ্য বিভাগে লকডাউনৰ পাছতেই মহানগৰীত ব্যৱসায়িক প্রতিষ্ঠানৰ কর্মচাৰী আৰু মালিকৰ ক’ভিড পৰীক্ষা কৰিব৷ তদুপৰি চৰকাৰী আৰু বেচৰকাৰী প্রতিষ্ঠান, সচিবালয়লৈ অহা কর্মচাৰীসকলৰ মাজতো ক’ভিড পৰীক্ষা কৰা হ’ব৷ ইয়াৰ দ্বাৰা গুৱাহাটীৰ সংক্রমণ যথেষ্টখিনি ৰোধ কৰিব পৰা যাব৷ ইফালে হোম কোৱাৰেণ্টাইনক লৈ চলি থকা বিতর্ক সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– হোম কোৱাৰেণ্টাইনৰ ক্ষেত্রত স্বাস্থ্য বিভাগৰ কোনো বাধা নাই৷ বহু লোকে কিন্তু হোম কোৱাৰেণ্টাইন হ’ব বিচৰা নাই৷ অসমৰ জীৱন পদ্ধতিৰ বিষয়ে যিসকল অৱগত নহয়, সেইসকলেহে হোম কোৱাৰেণ্টাইনৰ দাবী তুলি আছে৷ স্বাস্থ্য বিভাগে সেয়েহে এইক্ষেত্রত এছ অ’ পি প্রস্তুত কৰিছে৷ ইয়াৰ দ্বাৰা কোনো লোকে হোম কোৱাৰেণ্টাইন হ’ব বিচাৰিলে তেওঁ স্বাস্থ্য বিভাগক লিখিতভাৱে অৱগত কৰিব লাগিব৷

তদুপৰি তেওঁৰ নিজা চিকিৎসক থাকিব লাগিব৷ কোনো লোকে ৰে’ল আৰু বিমানেৰে যাত্রা কৰি ঘূৰি আহিলে তেওঁক ৰেপিড এণ্টিজেন টেষ্ট কৰা হ’ব৷ পজিটিভ চিনাক্ত হ’লে ব্যক্তিজনক চিকিৎসালয়লৈ নিয়া হ’ব আৰু নিগেটিভ হ’লে তেওঁক হোম কোৱাৰেণ্টাইন কৰা হ’ব৷ হোম কোৱাৰেণ্টাইনত থকাৰ তিনি দিনৰ ভিতৰত তেওঁ যদি আৰ টি পি চি আৰ টেষ্টত পজিটিভ চিনাক্ত হয়, তেওঁক চিকিৎসালয়লৈ অনা হ’ব৷ বিমানযাত্রীৰ ক্ষেত্রত গুৱাহাটীত প্রয়োগ কৰা এই ব্যৱস্থা ডিব্রুগড়, যোৰহাট, লখিমপুৰতো প্রয়োগ কৰা হ’ব৷

You might also like