বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰীত মুঠেই সুৰক্ষিত নহয় যুৱতী মহিলা। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে সন্ধিয়া এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণৰ অপচেষ্টা চলালে অট্টালিকাত কাম কৰা কেইজনমান শ্ৰমিকে। শ্ৰমিককেইটাই ৰাজপথতেই কিশোৰীগৰাকীক টানি-আজুৰি ধৰ্ষণৰ চেষ্টা চলায়। অৱশ্য়ে ৰাইজৰ তৎপৰতাত কিশোৰীগৰাকী নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে। এই ঘটনাত কিশোৰীগৰাকীৰ ভাতৃকো শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । মঙলবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই ঘটনাটো। ঘোৰামাৰা কেৰাকুছিৰ উত্তৰায়ন গ্ৰীন নামৰ এপাৰ্টমেণ্টৰ সন্মুখৰ ষ্টাৰ্লিং হাইটছ নামে এটা নিৰ্মিয়মান অট্টালিকাৰ কেইটামান শ্ৰমিকে কালি সন্ধিয়া ভুক্তভোগী কিশোৰীগৰাকী ভাতৃৰ লগত ঘৰৰ পৰা ওলাই যোৱাৰ পিচতেই সংঘটিত হৈ এই ঘটনাটো। ইতিমধ্যে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত আব্দুল আলী নামৰ এটা লম্পটক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
#বাৰ্তা ডেস্ক