নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ পৰা আউট কৰিব লাগে প্ৰমোদ বড়োক : হাগ্ৰামা মহিলাৰী

📌 বাক্সাৰ শালবাৰীৰ ৰূপহীত নিহত ১১ বিএলটিৰ ২৪সংখ্যক শ্বহীদ দিৱসত হাগ্ৰামা মহিলাৰী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ “বিটিচিত চিপিআইএম, কংগ্ৰেছ, বিজেপি, ইউপিপিএল সকলো ৰাজনৈতিক দলে ৰাজনীতি কৰিছে। কিন্তু বিপিএফ দলৰ প্ৰভাৱহে বেছি বিটিচিত।বিপিএফৰ ওপৰত কোনো দলে প্ৰভাৱ কৰিব পৰা নাই। মই একেখন কেছেট আৰু বজাই নাথাকো। এতিয়া বিপিএফৰ অভিযান এটায়েই হ’ব। সেয়া বিটিচিৰ পৰা প্ৰমোদ বড়োক ‘আউট’ কৰিব লাগে আৰু বিটিচিখন বচাব লাগে।এয়া আমি অভিযান হিচাপে লৈছোঁ, অভিযান চলাই আছোঁ।” বাক্সা জিলাৰ শালবাৰী মহকুমাৰ ৰূপহীত উদযাপিত ১১গৰাকী বিএলটিৰ ২৪ সংখ্যক শ্বহীদ দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এইদৰে কয় বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। সংবাদ মাধ্যমৰ প্ৰশ্নোত্তৰত মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োক লৈ আমি চিন্তিত নহয়। প্ৰমোদ বড়োৱেহে আমাৰ বিপিএফক লৈ শংকিত হৈছে। প্ৰমোদ বড়োৱে বিটিচিত পৰিৱৰ্তন আনিব পৰা নাই। বিটিচিত আমি বিপিএফেহে পৰিৱৰ্তন আনিছিলোঁ। বিটিচিত আমি পৰিৱৰ্তন আনিম। উল্লেখ্য যে বিভিন্ন কাৰ্যসূচীৰে ৰূপহীত ১১গৰাকী বিএলটিৰ শ্বহীদক তেওঁলোকৰ সমাধিস্থলীত প্ৰাক্তন বিএলটি কল্যাণ সমবায় সমাজ আৰু যুৱ বিপিএফৰ উদ্যোগত ৰাজহুৱাভাৱে সোঁৱৰণেৰে ২৪ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয়। আৰম্ভণিতে পুৱাৰ ভাগত পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যক্ৰমণিকা মুকলি কৰে বিপিএফৰ কেন্দ্ৰীয় নীতি নিৰ্ধাৰণ সমিতিৰ সদস্য নাৰায়ণী বসুমতাৰীয়ে। তাৰ পাছতেই প্ৰাৰ্থনা অনুষ্ঠিত হয়। শ্বহীদ বেদীত হাগ্ৰামা মহিলাৰীৰ লগতে কেন্দ্ৰীয়, জিলা আৰু প্ৰাথমিক পৰ্যায়ৰ নেতৃবৃন্দই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। দুপৰীয়াৰ পৰা বিপিএফৰ ককলাবাৰী ব্লক সমিতিৰ সভাপতি শংকৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে। সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী,সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম,প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বক্তৃতা প্ৰদান কৰাৰ লগতে বহু সংখ্যক বিপিএফৰ কেন্দ্ৰীয় নেতাই অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

You might also like