নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীৰ্থনগৰী হাজোত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰক, জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি আজি সমগ্ৰ ৰাজ্যখনৰ সমান্তৰালভাৱে তীৰ্থনগৰী হাজোৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহতো উদযাপন কৰা পৰিলক্ষিত হৈছে। মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰে পৰা তীৰ্থনগৰী হাজোৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰৰ লগতে সত্ৰনগৰী খ্যাত ৰামদিয়াৰ সত্ৰসমূহতো এক আধ্যাত্মিক পৰিৱেশে গা কৰি উঠিছে। সত্ৰ-নামঘৰসমূহ ভক্তিভাবত বিলীন হৈ পৰে। হাজোৰ ঐতিহাসিক ধোপৰগুৰি সত্ৰ, বৰদধি সত্ৰ, বৰম্বৈ শংকৰ-মাধৱ সত্ৰ, ৰামদিয়াৰ সত্ৰসমূহকে ধৰি আটাইবোৰ সত্ৰ-নামঘৰতে আজি ডেকাৰ পৰা বুঢ়ালৈকে ভকত-বৈষ্ণৱ, আই-মাতৃসকলে হৰিনাম কীৰ্তনেৰে সত্ৰ-নামঘৰসমূহৰ চৌপাশ মুখৰিত কৰি তোলে।

 

প্ৰেৰক শ্বাহজাহান ইছলাম

You might also like