নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈ মহাবিদ্যালয়ত মাণ্ডলিক সাংস্কৃতিক সমাৰোহ সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : অসম কলেজ শিক্ষক সংস্থা, তিনিচুকীয়া মণ্ডলৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহখন ১৫ ছেপ্টেম্বৰত ডিগবৈ মহাবিদ্যালয় শিক্ষক গোটৰ আতিথ্যত অনুষ্ঠিত হয়। অনুষ্ঠানৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে অসম কলেজ শিক্ষক সংস্থা, তিনিচুকীয়া মণ্ডলৰ সভাপতি জীউৰাম চাংমায়ে আৰু উদ্দেশ্য ব্যাখ্যাৰ লগতে সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে মণ্ডলৰ সম্পাদক ড° জিতু বড়াই। ডিগবৈ মহাবিদ্যালয় শিক্ষক গোটৰ উপ-সভাপতি ড° পবন গগৈয়ে আদৰণী ভাষণ প্ৰদান কৰাৰ পিছতে সমাৰোহখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপ শ‍ইকীয়াই । সাংস্কৃতিক সমাৰোহ উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাত সমৱেত সংগীত প্রতিযোগিতাত প্ৰথম ডিগবৈ মহাবিদ্যালয়, দ্বিতীয় ডিগবৈ মহিলা মহাবিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে লিডু মহাবিদ্যালয়ে। একক সংগীত প্রতিযোগিতাত প্ৰথম স্থান লাভ কৰে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ সঞ্জীৱ দত্ত, দ্বিতীয় স্থান ডিগবৈ মহাবিদ্যালয়ৰ প্ৰদীপ দত্ত আৰু তৃতীয় স্থান লাভ কৰে লিডু মহাবিদ্যালয়ৰ দীপান্বিতা বিশ্বাসে । অসমীয়া কবিতা অবৃত্তি প্রতিযোগিতাত প্ৰথম স্থান লাভ কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ ৰশ্মিতা ভট্টাচার্যই, দ্বিতীয় স্থান ডিগবৈ মহাবিদ্যালয়ৰ মেঘালী বৰুৱা, তৃতীয় স্থান ডুমডুমা মহাবিদ্যালয়ৰ ড০ দীপক ৰঞ্জন বৰুৱা আৰু উদগনি বঁটা লাভ কৰে ডিগবৈ মহাবিদ্যালয়ৰ ড° সংগীতা বৰুৱা শ‍ইকীয়াই । আকস্মিক বক্তৃতা প্রতিযোগিতাত প্ৰথম স্থানত ডিগবৈ মহিলা মহাবিদ্যালয়ৰ পুলক গগৈ, দ্বিতীয় স্থান লিডু মহাবিদ্যালয়ৰ নবুল কিশোৰ বৰগোঁহাই, তৃতীয় স্থান তিনিচুকীয়া মহাবিদ্যালয়ৰ ড° মৃগাংক চৌধুৰী আৰু উদগনি বঁটা লাভ কৰে শদিয়া মহাবিদ্যালয়ৰ হেমন্ত দেউৰীয়ে । ইপিনে, সমাৰোহ উপলক্ষে আয়োজিত মুকলি আৰু পুৰস্কাৰ বিতৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি তথা ডিগবৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিতেন্দ্র নাথ শৰ্মাই। ডিগবৈ মহাবিদ্যালয় শিক্ষক গোটৰ সম্পাদক দীপেশ মণ্ডলৰ শলাগ জ্ঞাপনেৰে কাৰ্যসূচীৰ অন্ত পৰে।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

You might also like