নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ হাৰ্হি কলেজৰ প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্র বাটকটীয়া অনুষ্ঠান হাৰ্হি মহাবিদ্যালয়ে ২৫ বছৰীয়া গৌৰৱোজ্জ্বল পৰিক্ৰমা অতিক্ৰম কৰিলে। ১৯৯৮ চনৰ ২ ছেপ্টেম্বৰত শিক্ষানুৰাগী ৰাইজৰ নিৰন্তৰ শ্ৰম ত্যাগ আৰু অৰ্থৰ বিমিময়ত স্থাপিত অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানখনৰ সফল শৈক্ষিক যাত্ৰাৰ সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে শনি বাৰে দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে মহাবিদ্যালয়ত অনুষ্ঠিত হয় ২৫সংখ্যক প্ৰতিষ্ঠা দিৱস।মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগৰ সভাপতিত্বত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভা।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমবেত সংগীতেৰে মুকলি সভাৰ মঞ্চ শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ প্ৰতিস্থাপক সম্পাদক পৃথু বৰা,প্ৰতিস্থাপক সক্ৰিয় সদস্য ক্ৰমে টংক ৰাজখোৱা,হেম বৰুৱা, ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূত,উপাধ্যক্ষ ড° দীপ দত্ত শিক্ষাবিদ তুলাৰাম কোচ, বিদ্যা দত্ত, মিঠাৰাম চেতিয়া, ধনীৰাম বৰা, ক্ষীৰোদ শইকীয়া,যতীন বৰুৱাৰ লগতে গৰিষ্ঠ সংখ্যক প্ৰাক্তন শিক্ষাৰ্থী,মহাবিদ্যালয় পৰিয়াল, শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা মুকলি সভাৰ আঁত ধৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক জিতু কুমাৰ চমুৱা আৰু জীপুলিনা গগৈৱে। জনাকীৰ্ণ মুকলি সভাখন উদ্বোধন কৰে হাৰ্হি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° জিতেন দত্তই।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰতিস্থাপক সম্পাদক পৃথু বৰাই মহাবিদ্যালয়খনৰ অতীত ৰোমন্থন কৰি বৰ্তমানৰ উত্তৰণৰ দিশ সমূহ সম্পৰ্কে বক্তব্য ৰাখে। সভাত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত থকা সমাজসেৱক ,শিক্ষাবিদ হেম বৰুৱা, যতীন বৰুৱা আদিয়ে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা সময়ত হোৱা সমস্যা সমূহ দূৰ কৰি বহু ত্যাগৰ বিনিময়ত মহাবিদ্যালয়খনি উন্নতি দিশে আগুৱাই আজি এই অৱস্থাৰ পোৱা বিষয়ে বক্তব্য ৰাখে । মহাবিদ্যালয়ৰ ছাত্ৰী মায়া শইকীয়াৰ বৰগীত,নাৰায়ণ শইকীয়াৰ ভূপেন্দ্ৰ সংগীত, অধ্যাপিকা প্ৰতিমা চেতিয়াৰ কবিতা আবৃত্তি, ছাত্ৰী ইন্দ্ৰমায়া খৰকাৰ নেপালী নৃত্য আৰু প্ৰণিতা গুৰোঙৰ সৃষ্টিশীল নৃত্য পৰিৱেশন,মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলৰ সৃষ্টিশীল নৃত্য আৰু দিহানাম পৰিৱেশনে আপ্লুত কৰে মুকলি সভাত উপবিষ্ট সকলক। মুকলি সভাতে ২৫ বছৰীয়া গৌৰৱজ্জ্বল ইতিহাস আৰু সফল শৈক্ষিক যাত্ৰাৰ স্মৃতিত এটি ‘থীম ছং’ মুকলি কৰা হয়।সংগীত শিল্পী সুনীল দুৱৰাৰ কথা আৰু সংগীতেৰে সজোৱা শ্ৰুতিমধুৰ ‘থীম ছং’ টোৰ আনুষ্ঠানিকভাৱে মুকলি কৰে হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী ক্ষীৰোদ শইকীয়াই। মুকলি সভাতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত কেইবাজনো ব্যক্তিক মহাবিদ্যালয় পৰিয়ালৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাৰ মাজতে কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ৰ লগত জড়িত স্মৃতি ৰোমন্থন কৰি আৱেগ বিহ্বল হৈ পৰাৰ লগতে বিভিন্ন অভিজ্ঞতা সমূহ অৱগত কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like